/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/992a7a66-657a-4458-8b46-03ebb42306ba/2.jpg)
ডিজিটেল সংবাদ, কঠীয়াতলী: নগাঁও জিলাৰ কঠিয়াতলীৰ কন্দলী আহুতলি পাহাৰৰ নামনিৰ শষ্য পথাৰত নিতৌ বন্যহস্তীৰ উপদ্ৰৱ৷ বন্যহস্তীৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাব লগা হৈছে গঞাই ৷ শালি ধান কলপকা দিয়াৰ সময়তে কন্দলী পাহাৰৰ পৰা খাদ্য সন্ধানত নামি অহা হাতীৰ জাকে নিতৌ নিদ্ৰা হৰণ কৰিছে ৰাইজৰ৷
বুধবাৰে নিশা হাতী খেদিবলৈ গছৰ ওপৰত টঙী ঘৰ সজাৰ লগতে এতিয়া বিপদ সংকুলভাৱে ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ খুটাতো সাজি লৈছে টঙী ঘৰ ৷ কঠিয়াতলী বন বিভাগে স্থানীয় ৰাইজক ফটকা প্ৰদান কৰাৰ লগতে হাতী খেদাত সহায়ৰ হাত আগবঢ়াইছে ৷
বিনিদ্ৰ ৰজনী কটাই পথাৰত জুই জ্বলাই, টিং বজাই হাতী খেদাত ব্যস্ত ৰাইজে বৈদ্যুতিক লাইন পুনৰ নিৰ্মাণেৰে গঞা ৰাইজক সকাহ দিবৰ বাবে চৰকাৰক আহ্বান জনাই।
Also Read: সোণাপুৰত পুৰুষৰ মৃতদেহ উদ্ধাৰ