
ডিজিটেল সংবাদ, নগাঁও: যিটো সময়ত সমগ্ৰ দেশতে শিশুৰ অধিকাৰ সুৰক্ষা আয়োগ আইন-২০০৫, শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন-২০০৯, শিশুৰ ন্যায় আইন-২০০০ আদিকে ধৰি শিশুৰ সৰ্বাঙ্গীন উন্নয়নৰ হকে ১৬ খনকৈ আইন কঠোৰ ভাৱে বলবৎ হৈ আছে , তেনে সময়তে ৰাজ্যখনৰ হেজাৰ হেজাৰ দুৰ্ভগীয়া শিশুৱে প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হৈছে ৷ শেহতীয়াকৈ নগাঁও আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীণস্থ বুঢ়াচাপৰি অভয়াৰণ্যৰ বেদখলীকৃত বিশাল চৰ ভূমিত উচ্ছেদ অভিযান চলাই বন্যপ্ৰাণী অভয়াৰণ্যখন বেদখলমুক্ত কৰিছে।
উচ্ছেদ অভিযান আৰম্ভ কৰাৰ পূৰ্বে সাত ফেব্ৰুৱাৰীত সেই সময়তে অভয়াৰণ্য খনৰ ভিতৰত থকা সাতখনকৈ চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়লৈ SSA/Sonit./Gabharu/Gen./Corres 2015-16-318-A নম্বৰৰ পত্ৰ মৰ্মে অসম সৰ্বশিক্ষা অভিযান মিছনে গাভৰু শিক্ষা খণ্ডৰ ব্লক মিছন সমন্বয়কে সংশ্লিষ্ট প্ৰাথমিক বিদ্যালয় কেইখন সকলো যাৱতীয় নথি পত্ৰ, সা-সামগ্ৰীসহ ওচৰৰ বিদ্যালয়লৈ সংলগ্ন হ'বলৈ নিৰ্দেশ দিছিল।
সেই প্ৰাথমিক বিদ্যালয় কেইখন হৈছে পশ্চিম লাঠিমাৰী চৰ এল পি স্কুল , পূৱ লাঠিমাৰী চৰ এল পি স্কুল, গণেশ টাপো পূৱপাৰা এল পি স্কুল, এক নম্বৰ বাঘেটাপো চৰ নতুন প্ৰাথমিক বিদ্যালয় , গেন্দাৰডুৱা পাৰ এল পি স্কুল, শিশুগাণনিক এল পি স্কুল আৰু নৱোদয় প্ৰাথমিক বিদ্যালয়। উল্লেখ্য যে, এই বিদ্যালয় কেইখন পূৰ্বতে সংযোগী শিক্ষা কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল যদিও পৰৱৰ্তীকালত চৰকাৰে ইয়াক প্ৰাথমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰি চৰকাৰীকৰণ কৰে।
গাভৰু শিক্ষা খণ্ডৰ ব্লক মিছন সমন্বয়কে সংশ্লিষ্ট প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক সকললৈ প্ৰেৰিত পত্ৰ খনত ১০ফেব্ৰুৱাৰী/২০২৩ ভিতৰত ওচৰৰ কোনো প্ৰাথমিক বিদ্যালয়য়ৈ সেই বিদ্যালয়কেইখনৰ সা-সামগ্ৰী, আচবাব, মধ্যাহ্ন ভোজনৰ সামগ্ৰী, টি এল এম সামগ্ৰী, স্কুল ৰেজিষ্টাৰ আৰু অন্যান্য নথিসহ স্থানান্তৰৰ নিৰ্দেশ দিয়া হৈছিল। তাৰ পাছতেই সংশ্লিষ্ট বিদ্যালয় কেইখনৰ গৃহ সমূহ ভাঙি নথি পত্ৰ, সা-সামগ্ৰী, আচবাবসহ আঁতৰাই নিয়া হয় যদিও উলমি ৰয় কণ কণ ছাত্ৰ -ছাত্ৰী সকলৰ জীৱন।
কিয়নো সেই বিদ্যালয় সমূহ আঁতৰাই নিয়া হয় যদিও সংশ্লিষ্ট বিদ্যালয় কেইখনত অধ্যয়ন কৰি থকা প্ৰায় দুহেজাৰ ছাত্ৰ-ছাত্ৰীক কোনো বিদ্যালয়তে নাম ভৰ্তি কৰি দিয়া নহ'ল । যাৰ ফলত এইবাৰৰ বছৰেকীয়া পৰীক্ষাত সংশ্লিষ্ট বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলে অৱতীৰ্ণ হ'ব নোৱাৰিলে। আন ছাত্ৰ-ছাত্ৰীয়ে বছৰেকীয়া পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়তো এই সকল উচ্ছেদিত পৰিয়ালৰ দুৰ্ভগীয়া ছাত্ৰ-ছাত্ৰীয়ে কাৰোবাৰ মাটিত অস্থায়ী ভাৱে সাজি লোৱা চালি, তম্বু আদিৰ তলত দুৰ্বিসহ জীৱন কটাব লগীয়া হৈছে। স্থানীয় ৰাইজে জনোৱা অনুসৰি, এতিয়া সংশ্লিষ্ট বিদ্যালয় কেইখনৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যততকৈ নিজা চাকৰিটোকলৈহে ব্যস্ত হৈ পৰিছে। তেওঁলোকে অন্য এখন বিদ্যালয়ত সংলগ্ন হৈ কেনেদৰে চাকৰিটো ৰক্ষা কৰিব পাৰি তাক লৈ ব্যস্ত থকা হেতুকে ছাত্ৰ -ছাত্ৰীৰ সমস্যাটো গৌণ হৈ পৰাৰ অভিযোগ উঠিছে ।
উল্লেখ্য যে, উচ্ছেদৰ কৱলত পৰি নিশ্চিহ্ন হোৱা পশ্চিম লাঠিমাৰী চৰ এল পি স্কুলত প্ৰধান শিক্ষক সহ চাৰি জন শিক্ষকৰ বিপৰীতে ক শ্ৰেণীৰ ৩০ গৰাকী, প্ৰথম শ্ৰেণীৰ ৬৪গৰাকী, দ্বিতীয় শ্ৰেণীৰ ৫০গৰাকী, তৃতীয় শ্ৰেণীৰ ৪৩গৰাকী, চতুৰ্থ শ্ৰেণীৰ ৪০গৰাকী আৰু পঞ্চম শ্ৰেণীত ৪৬গৰাকীসহ মুঠ ২৭৩ গৰাকী ছাত্ৰ -ছাত্ৰীয়ে চৰ অঞ্চলত বাস কৰি আছে ৷ পূৱ লাঠিমাৰী চৰ এল পি স্কুলত প্ৰধান শিক্ষক সহ দুজনৰ শিক্ষকৰ বিপৰীতে ক শ্ৰেণীৰ ৩০ গৰাকী, প্ৰথম শ্ৰেণীৰ ৬৮গৰাকী, দ্বিতীয় শ্ৰেণীৰ ৫৮ গৰাকী, তৃতীয় শ্ৰেণীৰ ৪০গৰাকী, চতুৰ্থ শ্ৰেণীৰ ৫০গৰাকী আৰু পঞ্চম শ্ৰেণীৰ ৪০ গৰাকীসহ মুঠ ২৮৬ গৰাকী ছাত্ৰ -ছাত্ৰীয়ে চৰ অঞ্চলত বাস কৰি আছে৷
গণেশটাপু পূৱপাৰা এল পি স্কুলৰ প্ৰধান শিক্ষক সহ চাৰি জন শিক্ষকৰ বিপৰীতে ক শ্ৰেণীৰ ৩৫, প্ৰথম শ্ৰেণীৰ ৪৬, দ্বিতীয় শ্ৰেণীৰ ৩৮, তৃতীয় শ্ৰেণীৰ ৪০, চতুৰ্থ শ্ৰেণীৰ ৪১আৰু পঞ্চম শ্ৰেণীৰ ৪৩গৰাকীসহ মুঠ ২৪৩ গৰাকী ছাত্ৰ -ছাত্ৰীয়েও চৰ অঞ্চলত বাস কৰিব লগা হৈছে ৷ এক নম্বৰ বাঘেটাপো চৰ নতুন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক সহ পাঁচ জন শিক্ষকৰ বিপৰীতে ক শ্ৰেণীৰ ৬৮গৰাকী ছাত্ৰ-ছাত্ৰী, প্ৰথম শ্ৰেণীৰ ৮৬ গৰাকী, দ্বিতীয় শ্ৰেণীৰ ৭৯ গৰাকী, তৃতীয় শ্ৰেণীৰ ৭২ গৰাকী, চতুৰ্থ শ্ৰেণীৰ ৭৫গৰাকী আৰু পঞ্চম শ্ৰেণীৰ ৬২গৰাকীসহ মুঠ ৪৩২ গৰাকী ছাত্ৰ-ছাত্ৰীয়েও চৰত বাস কৰি থকাৰ কথা স্খানীয় ৰাইজে জনাই ৷
গেন্দাৰডুৱা পাৰ এল পি স্কুলত প্ৰধান শিক্ষক সহ পাঁচ জন শিক্ষকৰ বিপৰীতে ক শ্ৰেণীৰ ৩২গৰাকী, প্ৰথম শ্ৰেণীৰ ৪৯গৰাকী, দ্বিতীয় শ্ৰেণীৰ ৫৩ গৰাকী, তৃতীয় শ্ৰেণীৰ ৫৭ গৰাকী, চতুৰ্থ শ্ৰেণীৰ ৫৮ গৰাকী আৰু পঞ্চম শ্ৰেণীৰ ৪৫ গৰাকীসহ মুঠ ২৮৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়েও দুৰ্বিসহ জীৱন কটাইছে ৷ ইয়াৰ উপৰিও নৱোদয় প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক সহ দুজন শিক্ষকৰ বিপৰীতে ক শ্ৰেণীৰ ১২ গৰাকী, প্ৰথম শ্ৰেণীৰ পাঁচ গৰাকী, দ্বিতীয় শ্ৰেণীৰ ২০গৰাকী, তৃতীয় শ্ৰেণীৰ ১৩ গৰাকী, চতুৰ্থ শ্ৰেণীৰ তিনি গৰাকী আৰু পঞ্চম শ্ৰেণীত দুই গৰাকীসহ মুঠ ৫৫ গৰাকী ছাত্ৰ-ছাত্ৰী বিভিন্ন চক অঞ্চলত বাস কৰি আছে ৷
শিশু গাণনিক এল পি স্কুলত একমাত্ৰ শিক্ষকৰ বিপৰীতে ক শ্ৰেনীত ৭ গৰাকী, প্ৰথম শ্ৰেণীত ১৪ গৰাকী, দ্বিতীয় শ্ৰেণীত ১০ গৰাকী, তৃতীয় শ্ৰেণীত ৮, চতুৰ্থ শ্ৰেণীত ৮ গৰাকী আৰু পঞ্চম শ্ৰেণীত ৬ গৰাকী সহ মুঠ ৫৩ গৰাকী ছাত্ৰ-ছাত্ৰী আছে। উল্লেখিত সাতখনকৈ বিদ্যালয়ৰ মুঠ ১৬২৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰিয়াল লোক বছৰ বছৰ ধৰি লাঠিমাৰী চৰ, শিয়ালেঠাপু চৰ, আৰিমাৰী চৰ, খুন্দলী চৰ, গুলীৰপাৰ চৰ, গনেশটাপু চৰ, বাঘেটাপু চৰ আদিকে ধৰি দহখন চৰত স্থায়ী ভাবে বসবাস কৰি আছিল।
উচ্ছেদৰ ফলত বিশেষকৈ এইসকল ছাত্র-ছাত্ৰীৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে অভিভাৱক তথা সচেতন লোকসকল। বৰ্তমান উচ্ছেদিত এলেকাৰ দাতিকাষৰীয়া ঠাইত অস্থায়ী আশ্ৰয় শিবিৰত আছে শিশু সকল ।