অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ চেক বাউন্সৰ অভিযোগ ! অধ্যক্ষৰ গা এৰা মন্তব্য...

এইবাৰ অভিযোগ উত্থাপিত হৈছে শেহতীয়াকৈ প্ৰদান কৰা অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ চেক বাউন্সৰ ৷ সামাজিক মাধ্যমযোগে এই অভিযোগ তুলিছে এজন ব্যক্তিয়ে ৷
অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ চেক বাউন্সৰ অভিযোগ !
অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ চেক বাউন্সৰ অভিযোগ !

ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কত সোমাইছে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ৷ নাহিদ আফ্ৰিনক প্ৰদান কৰা বঁটা বিৰ্তক মাৰ নৌযাওঁতে

এইবাৰ অভিযোগ উত্থাপিত হৈছে শেহতীয়াকৈ প্ৰদান কৰা অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ চেক বাউন্সৰ ৷ সামাজিক মাধ্যমযোগে এই অভিযোগ তুলিছে এজন ব্যক্তিয়ে ৷

লগতে অভিযোগ উত্থাপনকাৰী ব্যক্তিগৰাকীয়ে ক’য় যে, যদিহে চৰকাৰৰ ধন নাই তেনেহ’লে চেক দিছিল কিয় ? এয়া বঁটা প্ৰাপকসকলক কৰা অসন্মান নহয় জানো বুলিও বিভাগীয় মন্ত্ৰীলৈ উথাপন কৰিছে প্ৰশ্ন ৷ ইয়াৰ উপৰি পষ্টটোত অভিযোগকাৰীয়ে উল্লেখ কৰিছে যে, বঁটা লাভ কৰা বহুকেইজন লোকৰ বাউন্স হৈছে চেক ৷

এই খবৰ সামাজিক মাধ্যমৰ যোগেদি প্ৰচাৰ হৈ পৰা লগে লগেই সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে স্পষ্টিকৰণ দিছে ৷ অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰিছে যে বঁটাত প্ৰদান কৰা চেকসমূহ সাংস্কৃতিক সঞ্চালকালয়ৰ ৰবীন্দ্ৰ ভৱনস্থিত কাৰ্যালয়ৰ পৰা প্ৰদান কৰা হৈছে ৷ লগতে সেই চেকত মীনাক্ষী নাথে চহী কৰা বুলি উল্লেখ কৰি অধ্যক্ষ হিচাপে সীমান্ত শেখৰৰ লগতে কাৰ্যালয়ৰ কোনোৱে এই চেকৰ সৈতে জড়িত নহয় বুলি গা এৰা দিয়া মন্তব্য প্ৰদান কৰিছে ৷

অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ চেক বাউন্সৰ অভিযোগ !
লামডিঙত ড্ৰাগছসহ এজনক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in