নগাঁও জিলাৰ ৬টা সমষ্টিৰ চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

আজি প্ৰকাশিত ভোটাৰ তালিকা অনুসৰি নগাঁও জিলাত এইবাৰ মুঠ ভোটদাতাৰ সংখ্যা ১৩ লাখ ১২ হাজাৰ ১৪৪ গৰাকী
নগাঁও জিলাৰ ৬টা সমষ্টিৰ চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ডিজিটেল সংবাদ , বেবেজীয়াঃ নগাঁও জিলাৰ আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহে বৃহস্পতিবাৰে নগাঁও নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৫৫নং ধিং বিধানসভা সমষ্টি, ৫৬নং ৰূপহীহাট, ৫৮নং চামগুৰি, ৫৯ নং বঢ়মপুৰ, ৬০ নং নগাঁও-বটদ্ৰৱা আৰু ৬০নং ৰহা বিধানসভা সমষ্টিৰ বাবে ১ জানুৱাৰী ২০২৪ ক ভিত্তিবৰ্ষ হিচাপে লৈ চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছে।

নগাঁও জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই উপলক্ষে অনুষ্ঠিত এখন সংবাদ মেলত কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহে এই ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে।

সভাত নিৰ্বাচন বিষয়া মৌচম প্ৰতীম নাথ, জিলা তথ্য আৰু জনসংযোগ বিষয়াকে ধৰি জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া সকল উপস্থিত আছিল। এই চুড়ান্ত ভোটাৰ তালিকাখন বিধানসভা সমষ্টি অনুযায়ী সংশ্লিষ্ট নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় আৰু বুথ পৰ্যায়ৰ বিষয়াৰ কাৰ্যালয়ত কাৰ্যালয় খোলা থকা সময়ত উপলব্ধ হ'ব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে আজি প্ৰকাশিত ভোটাৰ তালিকা অনুসৰি নগাঁও জিলাত এইবাৰ মুঠ ভোটদাতাৰ সংখ্যা ১৩ লাখ ১২ হাজাৰ ১৪৪ গৰাকী। ইয়াৰে ৬ লাখ ৫৭ হাজাৰ,৭৬৮ জন পুৰুষ ভোটাৰ, ৬ লাখ ৫৪ হাজাৰ ২৯৮ গৰাকী মহিলা ভোটাৰ আৰু ৭৪ জন তৃতীয় লিংগৰ ভোটাৰ আছে। সেই অনুসৰি নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিত থকা মুঠ ২৩২ টা ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে ১ লাখ ১৩ হাজাৰ ২৪০ গৰাকী পুৰুষ ভোটাৰ আৰু ১ লাখ ৭ লাখ ২২৫ গৰাকী মহিলা ভোটাৰ, ১২ গৰাকী তৃতীয় লিংগৰ ভোটাৰ সহ মুঠ ২লাখ ২০ হাজাৰ ৪৭৭ গৰাকী ভোটাৰ, ২১৭ টা ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে ১ লাখ ১০ হাজাৰ ১৫৫ গৰাকী পুৰুষ ভোটাৰ,১ লাখ ৫ হাজাৰ ৪৫৫ গৰাকী মহিলা ভোটাৰ,১৭ গৰাকী তৃতীয় লিংগৰ ভোটাৰ সহ মুঠ ২ লাখ ১৫ হাজাৰ ৬২৭ গৰাকী ভোটাৰ ৫৬ নং ৰূপহীহাট সমষ্টিৰ।

ইয়াৰোপৰি ৫৮ নং চামগুৰি সমষ্টিৰ ২১৩ টা ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে ১ লাখ ৬ হাজাৰ ৯০৯ গৰাকী পুৰুষ ভোটাৰ,১ লাখ ৫ হাজাৰ ৩৬ গৰাকী মহিলা ভোটাৰ,১১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ সহ মুঠ ২ লাখ ১১ হাজাৰ ৯৫৬ গৰাকী ভোটাৰ,৫৯ নং বঢ়মপুৰ সমষ্টিৰ ২৫৪ টা ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে ১ লাখ ১২ হাজাৰ ৯৪৮ গৰাকী পুৰুষ ভোটাৰ,১ লাখ১৪ হাজাৰ ৬৪৪ গৰাকী মহিলা ভোটাৰ,৭ গৰাকী তৃতীয় লিংগৰ ভোটাৰ সহ মুঠ ২ লাখ ২৭ হাজাৰ ৫৯৯ গৰাকী ভোটাৰ,৬০ নং নগাঁও -বটদ্ৰৱা সমষ্টিৰ ২৩৫ টা ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে ৯৬ হাজাৰ ৯২১ গৰাকী পুৰুষ ভোটাৰ,১ লাখ ২ হাজাৰ ৭৫২ গৰাকী মহিলা ভোটাৰ,১৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ সহ মুঠ ১লাখ ৯৯ হাজাৰ ৬৮৮ গৰাকী ভোটাৰ আৰু ৬১ নং ৰহা বিধানসভা সমষ্টিৰ( অনূসুচিত জাতিৰ বাবে সংৰক্ষিত) ২৭৫ টা ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে ১ লাখ ১৭ হাজাৰ ৫৯৫ গৰাকী পুৰুষ ভোটাৰ,১ লাখ১৯ হাজাৰ ১৮৬ গৰাকী মহিলা ভোটাৰ,১৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ সহ মুঠ ২লাখ ৩৬ হাজাৰ ৭৯৭ গৰাকী ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে।

নগাঁও জিলাৰ ৬টা সমষ্টিৰ চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
আপৰ ৩ প্ৰাৰ্থী ঘোষণাঃ অসহায় ভূপেন বৰা, কি হ'ব লুৰিণৰ অৱস্থা ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in