ধিং সমষ্টিৰ ধনীয়াভেটি পঞ্চায়তৰ ১০ নং লালুংগাঁও ৱাৰ্ডত নিৰ্বাচনী হিংসাঃ ১২ জন আহত

ধিং সমষ্টিৰ ধনীয়াভেটি পঞ্চায়তত ১০ নং লালুংগাঁও ৱাৰ্ডত নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা। ১০-১৫ জনীয়া গুণ্ডাৰ দলৰ আক্ৰমণত আহত অতি মুকবধিৰ যুৱক মহিলাসহ ১২ জনকৈ লোক।

author-image
Tushar Pratim
New Update
ধিং সমষ্টিৰ ধনীয়াভেটি পঞ্চায়তৰ ১০ নং লালুংগাঁও ৱাৰ্ডত নিৰ্বাচনী হিংসাঃ ১২ জন আহত

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ধিং সমষ্টিৰ ধনীয়াভেটি পঞ্চায়তত ১০ নং লালুংগাঁও ৱাৰ্ডত নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা। প্ৰাপ্ত অভিযোগ অনুসৰি ১০ নং ৱাৰ্ডৰ এগৰাকী প্ৰাৰ্থী জানমণি বেগমৰ নিৰ্বাচনী কাৰ্যালয়ত এখনি সভা অনুষ্ঠিত হৈছিল।

Advertisment

সেই সময়তে বিজেপি দলৰ আঞ্চলিক সদস্যৰ প্ৰাৰ্থী ৰেবিনা এছমিনে ভোট বিচাৰি আহিছিল। আঞ্চলিক সদস্যৰ প্ৰাৰ্থী গৰাকী ওভতি যোৱাৰ পাছতে হঠাৎ এটি ১০-১৫ জনীয়া গুণ্ডাৰ দলে হাতে হাতে দা,  ৰদ,  লাঠি লৈ ৰাইজক আক্ৰমণ কৰে।

আক্ৰমণত মুকবধিৰ যুৱক, মহিলা সহ ১২ জন লোক গুৰুতৰ ভাবে আঘাতপ্রাপ্ত হয়। লগে লগে আহতসকলক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

পাছত বটদ্ৰৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ইফালে ঘটনা সংক্ৰান্তত ৰাইজৰ হৈ মোচ্চাবিৰ আলম,  ছাইফুল ইছলামে বটদ্ৰৱা থানত এজাহাৰ দাখিল কৰে।

ৰাইজৰ অভিযোগ মতে সমগ্ৰ ঘটনাৰ আঁৰত ১০ নং ৱাৰ্ডৰ অন্য এগৰাকী প্ৰাৰ্থী ছাবিনা আখটাৰ জড়িত হৈ আছে। 

ধিং পঞ্চায়ত নিৰ্বাচন