/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8cd37326-2282-4fd4-8195-1d4f6f30854c/kampur_9.png)
বন্যহস্তীৰ উপদ্ৰৱক পাহৰি সদ্যোজাত হাতী পোৱালি প্ৰতিপালনত ব্যস্ত পালেঙতলিবাসী...
ডিজিটেল ডেস্কঃ বিগত কেইবাদিনো ধৰি কামপুৰত বন্যহস্তীয়ে উপদ্ৰৱ চলাই থকাৰ মাজতে বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা হাতীৰ জাকটোৰ এজনী হাতীয়ে জন্ম দিলে এটা পোৱালি। কামপুৰৰ বৰকলাৰ পালেঙতলিত এই পোৱালিটো জন্ম দিলে হাতীজনীয়ে।
জনাঞ্চললৈ আহি এইদৰে হাতীৰ পোৱালি জন্ম দিয়াৰ পাছতে এতিয়া হাতী-মানুহৰ সংঘাতৰ মাজতে প্ৰত্যক্ষ হৈছে প্ৰেমৰ এক অপূৰ্ণ নিদৰ্শন। এই হাতীৰ জাকটোৱে অঞ্চলটোত এফালৰ পৰা উপদ্ৰৱ চলাই আহিছে যদিও সদ্য জন্ম হোৱা পোৱালিটোক লালন পালনত নামি পৰিছে স্থানীয় ৰাইজ।
স্থানীয় ৰাইজে হাতী পোৱালিটোৰ জুইৰ তাপ দি শীতৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিছে। অৱশ্যে বৰ্তমানলৈকে ইয়াত বন বিভাগৰ লোক উপস্থিত হোৱা নাই বুলি জনাইছে স্থানীয় ৰাইজে।
ইফালে প্ৰায় তিনিদিন পূৰ্বৰে পৰা পালেঙতলিত প্ৰায় ২০০ বন্য হস্তীয়ে অৱস্থান কৰি আছে বুলিও জানিব পৰা গৈছে।
Also Read: বিদেশ ভ্ৰমণ বাতিল কৰিলে ৰাহুল গান্ধীয়েঃ দলীয় বিপৰ্যয়ক দিলে অধিক প্ৰাধান্য....
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us