বৰ্ষীয়ান সাংবাদিক ৰাজেন বৰকাকতিৰ ৯০ সংখ্যক জন্মদিন উদযাপন...

বৰ্ষীয়ান সাংবাদিক ৰাজেন বৰকাকতিৰ ৯০ সংখ্যক জন্মদিন উদযাপন...

author-image
Asomiya Pratidin
New Update
বৰ্ষীয়ান সাংবাদিক ৰাজেন বৰকাকতিৰ ৯০ সংখ্যক জন্মদিন উদযাপন...

বৰ্ষীয়ান সাংবাদিক ৰাজেন বৰকাকতিৰ ৯০ সংখ্যক জন্মদিন উদযাপন...

ডিজিটেল সংবাদ নগাঁও : বিশিষ্ট ক্ৰীড়া সংগঠক, বৰ্ষীয়ান সাংবাদিক, সমাজ সেৱক ৰাজেন বৰকাকতিৰ ৯০ সংখ্যক জন্মদিন মঙ্গলবাৰে নগাঁৱত উদযাপন কৰা হয়। অসম শিল্পী কাননৰ উদ্যোগত নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ সভাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত নগাঁৱৰ সমাজ জীৱনৰ লগত সক্ৰিয় ভাবে জড়িত ৰাজেন বৰকাকতিক জন্মদিনৰ ওলগ - শুভেচ্ছা জ্ঞাপন কৰা হয়।

Advertisment

কাননৰ উপ-সভানেত্ৰী ৰিণি নেওগ বৰাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি নেহৰু যুৱ কেন্দ্ৰৰ উপ-সঞ্চালক প্ৰমথেশ চক্ৰৱৰ্তীয়ে ৰাজেন বৰকাকতিৰ জীৱনৰ বিভিন্ন দিশ উল্লেখ কৰি কয় যে, বৰকাকতি এগৰাকী সমাজ সচেতন ব্যক্তি। সাহসেৰে সমকালীন সমস্যাসমূহ ডাঙি ধৰিব পৰাটো তেওঁৰ অন্যতম মহৎ গুণ।

অনুষ্ঠানত শিল্পী আৰিফুল হক, সাংবাদিক কনক হাজৰিকা, অজয় মাহতু,ৰবীন্দ্ৰ শ্বাহ,কবি জেউতি হাজৰিকা, নমিতা হাজৰিকা শইকীয়া,শিল্পী কাননৰ মিনু হাজৰিকা, প্ৰভাত বৰা ,মুকুতা ৰাজা, নীলিমা বৰকাকতি, লখিমী মহন্তকে ধৰি ভালে সংখ্যক লোকে অংশগ্ৰহণ কৰে।

কাননৰ প্ৰধান সম্পাদক মৃদুপৱন বৰাই আতধৰা অনুষ্ঠানত কাননৰ লগতে বিভিন্ন জনে বৰকাকতিক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দীৰ্ঘায়ু কামনা কৰে।

Also Read: ডিব্রুগড় উপায়ুক্তৰ আবাসিক এলেকাত বিধ্বংসী অগ্নিকাণ্ডঃ দুটা চিলিণ্ডাৰ বিস্ফোৰণ...

ৰাজেন বৰকাকতি