ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰৰ বেচৰকাৰী খণ্ডৰ অগ্রণী চকু চিকিৎসা প্ৰতিষ্ঠান 'ডা: গৌতমচ্ ব্ৰহ্মপুত্ৰ আই কেয়াৰ'ৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে দেওবাৰৰ সন্ধিয়া চহৰখনৰ ইটাচালিস্থিত ষ্টাইল বজাৰ কমপ্লেক্সত থকা বেনকুৱেট হলত আয়োজিত এক গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলাখনৰ পুৰণিগুদাম দেউৰী গাঁৱৰ প্ৰচাৰবিমুখ বৰ্ষীয়ান শিল্পী তৰুণ চন্দ্ৰ শইকীয়াক 'গীতাধ্যায়ী কামাখ্যা চৰণ ঠাকুৰ সমাজৰত্ন' বঁটা প্ৰদান কৰা হয়।
উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বৈষ্ণৱ সংস্কৃতিৰ অনবদ্য অৱদান ভাওনা কৃষ্টিৰ এগৰাকী সুনিপুন অভিনেতা ৮৮ বছৰীয়া তৰুণ চন্দ্ৰ শইকীয়াই নগাঁও জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত দুই সহস্রাধিক ভাওনাত অভিনয় কৰি খ্যাতি অৰ্জন কৰে। বিশেষকৈ মহাদেৱৰ ভাওত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা এইগৰাকী চহা শিল্পীয়ে ভাওনাত যুদ্ধৰ অভিনয় কৰি নিজৰ বাওঁ চকুটো হেৰুৱাব লগাত পৰিছিল।
'গীতাধ্যায়ী কামাখ্যা চৰণ ঠাকুৰ সমাজ ৰত্ন বঁটা'ৰ লগত আছে শিল্পীগৰাকীক গামোছা, শৰাই, চেলেং, কাঁহৰ জাপি,স্মাৰক,মানপত্ৰ আদি। বঁটা গ্ৰহণ কৰি বৰ্ষীয়ান শিল্পীগৰাকীয়ে ভাওনাৰ বচন মাতি উপস্থিত সকলোকে মুগ্ধ কৰে।
"ডা: গৌতমচ ব্ৰহ্মপুত্ৰ আই কেয়াৰ" ৰ স্বত্বাধিকাৰী ডা: পি কে গৌতমে আঁত ধৰা অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই তৰুণ চন্দ্ৰ শইকীয়াৰ দৰে এগৰাকী বৰ্ষীয়ান গুণী শিল্পীক 'গীত্যাধায়ী কামাখ্যা চৰণ ঠাকুৰ সমাজ ৰত্ন বঁটা' প্ৰদান কৰাৰ বাবে ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ স্বত্বাধিকাৰী ডা: পি কে গৌতমৰ শলাগ লয় ।
বিধায়ক শৰ্মাই নগাঁও চহৰত চিকিৎসা খণ্ডৰ আন্তঃগাঁথনিৰ লগতে চিকিৎসা ক্ষেত্ৰত আগবঢ়াই নিবৰ বাবে চৰকাৰী আৰু বেচৰকাৰী বহু কেইটা পদক্ষেপ গ্ৰহণৰ কথা ব্যক্ত কৰে।আনহাতে চকু চিকিৎসক ডা: পি কে গৌতমৰ ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ উন্নত প্ৰযুক্তিৰ সংযোজনে মধ্য অসমৰ ৰোগীৰ চকু চিকিৎসাৰ ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰিব বুলি বিধায়ক শৰ্মাই আশা প্ৰকাশ কৰে।
চকু চিকিৎসা প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীসকলে পৰিবেশন কৰা এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিদেশত উন্নত চকু চিকিৎসা ব্যৱস্থাৰ অনুকৰণেৰে ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ চিকিৎসা সেৱাত উন্নত প্ৰযুক্তিৰ সংযোজনৰ আধাৰত ডা: পি কে গৌতমে নিৰ্মাণ কৰা এখন তথ্যচিত্ৰ অনুষ্ঠানত প্ৰদৰ্শন কৰা হয়।
ইপিনে অত্যাধুনিক প্ৰযুক্তিৰে মধ্য অসমৰ ৰোগীক চকুৰ চিকিৎসা প্ৰদানত সহযোগিতা আগবঢ়োৱাৰ বাবে নগাঁওবাসীক চিকিৎসা প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ডা: পি কে গৌতমে কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত "ডা: গৌতমচ ব্ৰহ্মপুত্ৰ আই কেয়াৰ" ৰ কৰ্মচাৰীসকলক প্ৰতিষ্ঠা দিৱস উপলক্ষে উপহাৰ প্ৰদানৰ লগতে ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ কৰ্মচাৰী ফিৰদুচ নাহাৰক প্ৰতিষ্ঠানখনৰ 'বৰ্ষশ্ৰেষ্ঠ কৰ্মচাৰী বঁটা' প্ৰদান কৰা হয়।