উৰিয়াগাঁৱৰ পেট্ৰ'ল ডিপোয়ে ঘটাইছে অথন্তৰ: নলাবিহীন চৌহদৰ লেতেৰা পানীত ডুব গৈছে বহু পৰিয়ালৰ চোতাল

কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ডৰ বাবেই সৃষ্টি হৈছে সমস্যাৰ

author-image
Asomiya Pratidin
New Update
উৰিয়াগাঁৱৰ পেট্ৰ'ল ডিপোয়ে ঘটাইছে অথন্তৰ: নলাবিহীন চৌহদৰ লেতেৰা পানীত ডুব গৈছে বহু পৰিয়ালৰ চোতাল

ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলাৰ উৰিয়াগাঁও বাইপাছত থকা তেল ডিপোটোয়ে হাহাকাৰ লগাইছে স্থানীয় বাসিন্দাক । আই অ’ চিৰ তেল ডিপোৰ কৰ্তৃপক্ষৰ অবিবেচক কাণ্ডৰ বাবে উৰিয়াগাঁৱৰ বাইপাছ চকৰ লোক কৃত্ৰিম বানৰ কবলত পৰিছে। তেল ডিপোৰ চৌহদৰ পকী বেৰা ফুটাই ডিপোৰ পৰা পানী বোৱাই দিয়াৰ বাবে সৃষ্টি হৈছে সমস্যাৰ ।

Advertisment

কৃত্ৰিম বানৰ কবলত পৰা উৰিয়াগাঁৱৰ ৰাইজে তেল ডিপোৰ পৰিচালনাৰে জড়িত বনিয়া আগৰাৱালাক বাৰাম্বাৰ অৱগত কৰিছে যদিও বনিয়াজনে কোনো গুৰুত্ব প্ৰদান কৰা নাই । বিশেষকৈ অপৰিকল্পিতভাৱে তেল ডিপোৰ চৌহদ নিৰ্মাণ কৰা বাবে সমস্যাৰ সন্মুখীন হ'ব লগাত পৰিছে। চৌহদৰ পানী ওলাই যাবৰ বাৰে পৰিকল্পিতভাৱে নলা নিৰ্মান নকৰাৰ বাবে তেল ডিপোটো জলমগ্ন হৈ পৰে। সিমানেই নহয় ডিপোটোৰ কৰ্মচাৰীয়ে ব্যৱহাৰ কৰা দৈনদ্দিন লেতেৰা পানীও জনবসতি এলেকাটোলৈ বোৱাই দিয়া হয় ।

বাৰিষা বুলিয়ে নহ’য় আন সময়টো ডিপোৰ লেতেৰা পানীয়ে পৰিৱেশ বিনষ্ট কৰি আহিছে । তেল ডিপোৰ কৰ্মচাৰীয়ে এই ক্ষেত্ৰত বনিয়া আগৰৱালাক বিষয়টো অৱগত কৰা বুলি জানিবলৈ দিছে আৰু মালিকপক্ষই সমস্যাটি সমাধান নকৰিলে কৰ্মচাৰীসকলে কৰিব পৰা একো ব্যৱস্থা নাই বুলি স্পষ্ট কৰিছে। ইফালে তেল ডিপোৰ গাতে লাগি থকা প্ৰায় ১০-১৫ ঘৰ বাসিন্দা বোকা , লেতেৰা পানীৰ মাজত আবদ্ধ হৈ থাকিব লগা হৈছে ।

Also Read: জামুগুৰিহাটত সাংসদ ৰঞ্জিত দত্তৰ বান সাহাৰ্য্য শিবিৰ পৰিদৰ্শন

uriyagaon