/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/4f9d2937-13ba-4445-a6f2-0a16fea448f0/v24.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱৰ উৰিয়াগাঁৱ খেলপথাৰত ১৯ ফেব্ৰুৱাৰীৰ পৰা চলি থকা প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব শুকুৰবাৰে। সৰ্বমুঠ ৩১টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত নক আউট ব্যৱস্থাৰে ফাইনেলত প্ৰৱেশ কৰিছে কৰিয়নি নাইট ৰাইডাৰ্ছ আৰু হাদি একাদশ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0d507f3a-930b-40c2-a312-f25ed2445100/1d9c4e75_4893_441a_9d33_d89cbdeefee0.jpg)
উল্লেখ্য যে, ছেমি ফাইনেলত উৰিয়াগাঁও একাদশক পৰাস্ত কৰি কৰিয়নি নাইট ৰাইডাৰ্ছ দলটো আৰু কল্পতৰু ৰকেটছক পৰাস্ত কৰি হাদি একাদশ দল দুটাই ফাইনেললৈ নিৰ্বাচিত হয়। কাইলৈ দুপৰীয়া অনুষ্ঠিত হ'ব লগা ফাইনেল খেলখনৰ অন্তত, বিয়লি ১ বজাত বিজয়ী দলক ২০ হাজাৰ টকাৰ চেক আৰু ৰাণাৰ্ছ আপ দলটোক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/13892ba6-d517-4acb-b3a3-90326af90130/a3eff8fa_2903_4fd7_a528_951baa419da9.jpg)
উৰিয়াগাঁও আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থা আৰু উৰিয়াগাঁও উন্নয়ন সমিতিৰ যৌথ আয়োজনত অনুষ্ঠিত এই খেলখন উৰিয়াগাঁও ৰাজহুৱা খেলপথাৰত ১৭ বছৰৰ মূৰত অনুষ্ঠিত হৈছে। আনহাতে কাইলৈ ফাইনেল খেলক লৈ উদ্যোক্তাসকলৰ লগতে অঞ্চলটোৰ ৰাইজ অতি উৎসাহী হৈ পৰিছে।
কাইলৈ প্ৰতিযোগিতাৰ প্ৰৱেশৰ মূহুৰ্তত দুয়োটা ক্ৰিকেট দলে খেলপথাৰৰ দাঁতিত প্ৰতিষ্ঠিত স্থায়ী ছহিদ বেদীত পুষ্পাঞ্জলি প্ৰদান কৰি প্ৰতিযোগিতাত নামিব। আনহাতে বঁটা বিতৰণী সভাত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ উপৰি জিলা ক্ৰীড়া বিষয়া মানস প্ৰতীম দাস, ভোগেশ্বৰী ফুকননী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল বৰা, বালিকা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰীমা বৰা, শাৰীৰিক শিক্ষা নিৰ্দেশক ৰূপক শইকীয়া আৰু দিলীপ বৰাৰ লগতে স্থানীয় বিধায়ক উপস্থিত থকাৰ কথা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/421beed0-492a-441b-b6be-902c9701542d/5fa72318_a9bc_4518_b936_9e832f69cafd.jpg)
উল্লেখ্য যে, বঁটা বিতৰণী সভাত বিজয়ী আৰু বিজিত দলক বঁটা প্ৰদানৰ লগতে অঞ্চলটোৰ ক্ৰীড়া, সাংস্কৃতিক আৰু বিদ্যায়তনিক দিশৰ উন্নয়ন সম্পৰ্কেও বিস্তৃত আলোচনা হ'ব। ইফালে কাইলৈ হ'বলগা ছহিদ বেদীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে খেলপথাৰৰ দাঁতিত থকা স্থায়ী ছহিদ বেদী উদ্যোক্তাসকলে ইতিমধ্যে চাফ-চিকুণ কৰি তুলিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/4443c3c0-dd5f-4b7b-960a-3855e1bd10ad/ad87cedf_bd76_4408_a75d_f3ad3f90c4bb.jpg)
Also Read: ওদালগুৰিত সত্ৰীয়া পৰম্পৰাৰে শ্ৰীকৃষ্ণৰ ঘুনুচা যাত্ৰা, সুৱেৰী উৎসৱ পালন