উৰিয়াগাঁৱৰ পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতিঃ গ্ৰাহকৰ পৰা তেল চোৰ কৰ্মচাৰীৰ

দীৰ্ঘদিনৰ পৰা এনে অপকৰ্ম কৰি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ
উৰিয়াগাঁৱৰ পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতিঃ গ্ৰাহকৰ পৰা তেল চোৰ কৰ্মচাৰীৰ
উৰিয়াগাঁৱৰ পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতিঃ গ্ৰাহকৰ পৰা তেল চোৰ কৰ্মচাৰীৰ
Published on
Updated on

ডিজিটেল সংবাদ বঢ়মপুৰঃ নগাওঁ জিলাৰ উৰিয়াগাঁওস্থিত ইণ্ডিয়ান অইলৰ পেট্ৰ'ল পাম্পত আজি এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হয়। অভিযোগ অনুসৰি পেট্ৰ'ল পাম্পটোৰ কৰ্মচাৰীয়ে এগৰাকী ব্যক্তিৰ বাহনত পেট্ৰ'ল ভৰোৱাৰ সময়ত জোখতকৈ কম পৰিমাণে পেট্ৰ'ল দিছিল।

উল্লেখ্য যে, এই পেট্ৰ'ল পাম্পটোৰ বিৰুদ্ধে পূৰ্বৰে পৰা এনে অভিযোগ আছিল। গ্ৰাহকে পেট্ৰ'ল ভৰাবলৈ আহিলে মূল্য অনুসৰি কমাই পেট্ৰ'ল ভৰাই অসাধু ব্যৱসায় চলাই আহিছিল ইয়াৰ কৰ্মচাৰীসকলে।

আজি বিয়লিও এজন লোকে নিজৰ বাহনখন লৈ এই পেট্ৰ'ল পাম্পত তেল ভৰোৱাৰ সময়তে সেই অপকৰ্ম ধৰা পৰে। ফলত উত্তেজনাৰ সৃষ্টি হয় পেট্ৰ'ল পাম্পটোত। ইয়াৰ পিছতে স্থানীয় লোকে কৰ্মচাৰীজনক উত্তম মাধ্যম সোধাই পেট্ৰ'ল পাম্পটোৰ পৰা বাহিৰ কৰি দিয়ে।

মন কৰিবলগীয়া যে, কৰ্মচাৰীয়ে অসৎ উপায় অৱলম্বন কৰি এইদৰে গ্ৰাহকৰ পৰা তেল চোৰ কৰাৰ বিষয়ে অৱগত পেট্ৰ'ল পাম্পটোৰগৰাকী জনৈক আগৰৱালা। তেওঁৰ চত্ৰছায়াতে এই অপকৰ্ম চলি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ।

উৰিয়াগাঁৱৰ পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতিঃ গ্ৰাহকৰ পৰা তেল চোৰ কৰ্মচাৰীৰ
Sonapur Eviction: 'খিলঞ্জীয়া মানুহৰ কবৰ অসমত খান্দিবলৈ নিদিওঁ'- জয়ন্ত মল্লবৰুৱা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in