উৰিয়াগাঁও খেলপথাৰত ফুটবল মহাৰণ

উৰিয়াগাঁও খেলপথাৰত ফুটবল মহাৰণ

ডিজিটেল সংবাদ, উৰিয়াগাঁওঃ সুদীৰ্ঘ প্ৰায় ৩ দশকৰ পাছত ফুটবল মহাৰণেৰে সজীৱ হৈ উঠিল বিলুপ্ত হ'বলৈ ধৰা ঐতিহাসিৰ উৰিয়াগাঁও খেলপথাৰ। ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি উদ্বোধনী খেলখন উদ্বোধন কৰে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

অঞ্চলটোৰ বহু গন্য মান্য ব্যক্তি আৰু বৃহৎ সংখ্যক ৰাইজৰ উপস্থিতিত আৰম্ভ হোৱা আজিৰ উদ্বোধনী খেলখনত প্ৰতিযোগী দল হিচাপে ভাগ লয় ভোটাই গাঁও এফচি আৰু অসম জতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিমৰুগুৰি আঞ্চলিক সমিতিয়ে।

যুৱ ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতি, উৰিয়াগাওঁ উন্নয়ন সমিতি, ক্ষুদ্ৰ ব্যৱসায়িক সন্থা আৰু খেল পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত খেল খনৰ উদ্বোধন কৰি বিধায়ক ৰূপক শৰ্মাই খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাইজকো সম্বোধন কৰে। তেওঁ কয়, ফুটবলেই হওক বা আন খেলেই হওক সকলো খেলেই শৃংখলিত জীৱন, সামাজিত সুস্থিৰতা আৰু সু-স্বাস্থ্যৰ লগতে বন্ধুত্বসুলভ প্ৰতিযোগীতাৰ জৰিয়তে জীৱনত আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিয়ে। তেওঁ উক্ত খেলখনৰ বাবে নগাঁও ক্ৰীড়া সন্থাৰ পৰা অনা স্থায়ী গল পোষ্ট যোৰাও স্থায়ীভাৱে উৰিয়াগাঁও খেলপথাৰক প্ৰদান কৰাৰ কথা নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি হিচাপে ঘোষণা কৰে।

তদুপৰি অনাগত সময়ত খেলপথাৰখনৰ লগতেই অঞ্চলটোৰ সৰ্বাংগীন বিকাশত ৰাইজক সহযোগত লৈ তেওঁ বৰঙণি আগবঢ়াব বুলি মন্তব্য কৰে। ইফালে ৰাইজৰ হৰ্ষল্লোসাৰ মাজত অনুষ্ঠিত হোৱা উদ্বোধনী খেলখনত ভোটাই গাঁও এফচিয়ে ডিমৰুগুৰি আঞ্চলিক সমিতিক ১-০ গলত পৰাস্ত কৰে।

User

উদ্বোধনী সভাখনত জিলা ক্ৰীড়া বিষয়াৰ লগতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

উৰিয়াগাঁও খেলপথাৰত ফুটবল মহাৰণ
মেৰাপানীত বুজন পৰিমাণৰ ড্ৰাগছসহ ২ সৰবৰাহকাৰী আটক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in