উৰিয়াগাঁৱত শ্ৰমিক দিৱস উদযাপন..

উৰিয়াগাঁৱত শ্ৰমিক দিৱস উদযাপন..

ডিজিটেল সংবাদ, নগাঁওঃ সোমবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাওঁ আঞ্চলিক সমিতিৰ আমন্ত্ৰণ মৰ্মে পৰিষদৰ উৰিয়াগাওঁ আঞ্চলিক সমিতিৰ কাৰ্যালয় বাকৰিত পৰিষদৰ ভাতৃ সংগঠন জাতীয় শ্ৰমিক পৰিষদ, নগাঁও জিলা সমিতিয়ে আন্তঃজাৰ্তিক শ্ৰমিক দিৱস উদযাপন কৰে৷ পুৱা ৭ বজাত পৰিষদৰ পতাকা উত্তোলন আৰু ছহীদ তৰ্পণ কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোত উৰিয়াগাওঁ ক্ষুদ্ৰ ব্যৱসায় সন্থা শ্ৰমিক সকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে "শ্ৰমিকৰ মৰ্যদা আৰু অধিকাৰ" সম্পৰ্কে এখন গুৰুত্বপূৰ্ণ সভা অনুস্থিত কৰা হয়। উক্তসভাত পৰিষদৰ নগাওঁ জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই কয় যে- শ্ৰমিকে দেশ নিৰ্মাণ কৰে । সেইহে শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত হৈ থকাটো অতিকৈ জৰুৰী ।

বিশেষকৈ উৰিয়া গাওঁ ক্ষুদ্ৰ ব্যৱসায় সন্থাই নিজৰ অধিকাৰ অক্ষুণ্ণ ৰখা হকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰকণৰ বিৰুদ্ধে যি সংগ্ৰাম অব্যাহত ৰাখিছে সেই সংগ্ৰামৰ প্ৰতি সকলোৱে সন্মান জনোৱা উচিত। ইয়াত শ্ৰমিকৰ প্ৰাপ্য অধিকাৰ হোৱাৰ উপৰিও ই স্থানীয় খিলঞ্জীয়াৰ অধিকাৰৰ কথা জড়িত হৈ আছে৷

তাৰোপৰি সভাখনত বহুতো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা হয়৷ সভাত উপস্থিত থাকে পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সভাপতি ৰাজ হাজৰিকা সাধাৰণ সম্পাদক কৌশিক হাজৰিকা ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰভাত বৰা সম্পাদক ৰূপৰাম হাজৰিকাকে প্ৰমুখ্য কৰি সদস্য বিনোদ মুদৈ ,পৰিক্ষিত বনিয়া, ৰূপক বনিয়া ,প্ৰান্তিক হাজৰিকা, ৰবিৰাজ বনিয়া,পূৰ্ণ বনিয়া,ধনিৰাম বনিয়া,বোধেন শইকীয়া,বিদিশা ডেকা হাজৰিকা,বিতুমনি হাজৰিকা, প্ৰনামিকা বৰাৰ লগতে পৰিষদৰ তৰফৰ পৰা নমিতা বৰা, সংগীতা বনিয়া,মেঘালী বনিয়া, শিল্পা বনিয়াকে ধৰি শতাধিক সদস্য উপস্থিত থাকে ৷

উৰিয়াগাঁৱত শ্ৰমিক দিৱস উদযাপন..
গহপুৰত বাল্যবিবাহৰ অভিযোগত গ্ৰেপ্তাৰ দুই ভাতৃ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in