/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱৰ কচুৱা গুৰামুখি বিলত আজি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্য সৃষ্টি হৈছে। জানিব পৰা মতে স্থানীয় লোকে বিলখনৰ পানীত উপঙি থকাৰ অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো।
ইয়াৰ পিছতে এই বিষয়ে স্থানীয় আৰক্ষীক খবৰ দিয়া হয়। পছাত স্থানীয় কচুৱা আৰক্ষী ঘটাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
উদ্ধাৰ হোৱা এই মৃতদেহ কাৰ সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো নগাঁৱলৈ প্ৰেৰণ কৰিছে।
কিন্তু ক’ৰ পৰা, কেনেকৈ এই মৃতদেহ আহি এই স্থান পালে সেই বিষয়ে সকলোৰে মাজত চৰ্চা আৰম্ভ হৈছে। কোনো কোনোৱে এয়া আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰাৰ বিপৰীতে আন একাংশই হত্যাকাণ্ডও হ’ব পাৰে বুলি সন্দেহ কৰিছে। অৱশ্যে আৰক্ষীৰ সঠিক তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ অন্ততহে সকলো দিশ পোহৰলৈ আহিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us