উদয় চন্দ্র শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি

বটদ্ৰৱাৰ সমীপবৰ্তী সোনাইপৰীয়া অঞ্চল ৰাইডঙীয়াৰ কৰচোং সত্ৰত ১৯৭৪ চনত স্থাপিত উদয় চন্দ্র শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ে ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে।

author-image
Asomiya Pratidin
New Update
উদয় চন্দ্র শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ বটদ্ৰৱাৰ সমীপবৰ্তী সোনাইপৰীয়া অঞ্চল ৰাইডঙীয়াৰ কৰচোং সত্ৰত ১৯৭৪ চনত স্থাপিত উদয় চন্দ্র শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ে ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে।

উক্ত বিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানটি বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। আজি পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী জ্যোতি ভূঞাই ৷

সোণালী জয়ন্তী পতাকা উত্তোলন কৰে সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি নৱকমল ৰাজাৰ লগতে অঞ্চলৰ ৪৯ জন বৰেণ্য ব্যক্তিয়ে। স্মৃতি তর্পণ কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্রধান শিক্ষয়িত্রী বাসন্তী শইকীয়াই।

প্রদর্শনীৰ দ্বাৰ উন্মোচন, বিদ্যালয়ৰ প্ৰাচীৰ পত্রিকা উন্মোচনৰ পিছতে “ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু বৌদ্ধিক উত্তৰণত সামাজিক দায়বদ্ধতা” শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়।

বটদ্ৰৱা ৰাইডঙিয়া