চাপানালাত দুডালকৈ চকৰি ফেঁটী সাপ উদ্ধাৰ...

নগাঁও জিলাৰ চাপানালাৰ নতুন বস্তিত মঙলবাৰে পুৱা উদ্ধাৰ কৰা হয় দুডালকৈ বিষাক্ত চকৰি ফেঁটী সাপ । মঙ্গল নায়ক নামৰ এজন লোকৰ ঘৰৰ দুটা স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে সাপ কেইটা

author-image
Asomiya Pratidin
New Update
চাপানালাত দুডালকৈ চকৰি ফেঁটী সাপ উদ্ধাৰ...

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলাৰ চাপানালাৰ নতুন বস্তিত মঙলবাৰে পুৱা উদ্ধাৰ কৰা হয় দুডালকৈ বিষাক্ত চকৰি ফেঁটী সাপ । মঙ্গল নায়ক নামৰ এজন লোকৰ ঘৰৰ দুটা স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে সাপ কেইটা।

অৰণ্য সুৰক্ষা সমিতিৰ নগাঁও জিলাৰ কঁঠালগুৰি আঞ্চলিক সমিতিৰ সম্পাদক উত্তম চাংমায়ে উদ্ধাৰ কৰে দুয়োডাল সাপ। সাপদুডালৰ এডাল সাপৰ দৈর্ঘ ৬ ফুট হোৱাৰ বিপৰীতে আনডালৰ দৈর্ঘ ৫ ফুট ।

সাপ দুডাল উদ্ধাৰ কৰি পিছত বন বিভাগৰ লোকৰ উপস্থিতিত চাপানালাৰ চোৱাং বনাঞ্চলত মুকলি কৰি দিয়ে উত্তম চাংমায়ে।

Also Read: কন্যাৰ ঘৰলৈ গৈ তিনিদিনে সন্ধানহীন ৬৫ বছৰীয়া এগৰাকী বৃদ্ধ...

sapanala snake resue