পুখুৰীত পৰি দুই ভগ্নীৰ বিয়োগ

পুখুৰীত পৰি দুই ভগ্নীৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
পুখুৰীত পৰি দুই ভগ্নীৰ বিয়োগ

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰী গাঁৱত পানীত পৰি দুই ভগ্নীৰ মৃত্যু হয়। বাটমাৰী গাঁৱৰ ছাইফুল ইছলামৰ দুই কন্যা জান্নাতুল ফেৰদুছ আৰু ছেমিমা আকতাৰ খেলিবলৈ ওলাই গৈ ঘৰৰ পিছফালে থকা পুখুৰীৰ পৰে।

ইয়াৰ পাছত পুখুৰীত উপঙি থকা অৱস্থাত দুই ভগ্নীৰ মৃতদেহ উদ্ধাৰ হয়। উল্লেখ্য যে, শিশু দুটিক বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইফালে দুই ভগ্নীৰ অকাল বিয়োগত অঞ্চলটোত শেকৰ ছাঁ পৰিছে।

Also Read: শিৱপুৰী প্ৰাথমিক বিদ্যালয়ৰ মুখ্য তোৰণ উদ্বোধন

batadraba