কপিলী নদীত দুই বিধায়কৰ নৈকা বিহাৰ

কপিলী নদীত দুই বিধায়কৰ নৈকা বিহাৰ
Published on
Updated on

ডিজিটেল সংবাদ, কামপুৰঃ সমষ্টি পুনৰ নিৰ্ধাৰন কৰাৰ পিছত নিজৰ ভেটি তনকিয়াল কৰাৰ বাবে বঢ়মপুৰ সমষ্টিটোত নতুকৈ অৰ্ন্তুভূক্ত হোৱা এলেকাত পদাপৰ্ণ কৰিছে বি জে পি বিধায়ক জিতু গোস্বামী।দেওবাৰে ৰহা সমষ্টিৰ পৰা অৰ্ন্তুভূক্ত হোৱা কামপুৰৰ গাৰুখুন্দা পঞ্চায়তত এখন নাওঁ খেল উপভোগ কৰিবলৈ উপস্থিত হয় বঢ়মপুৰ সযষ্টিৰ বিধায়ক গৰাকী।

বিধায়ক জিতু গোস্বামীৰ লগত উপস্থিত থাকে ৰহা সমষ্টিৰ বিধায়ক শশী কান্তু দাস। দুয়ো গৰাকী বিধায়কে এচ ডি আৰ এফৰ নাৱঁত উঠি নাওঁ খেল উপভোগ কৰে।কপিলীকান ইছলাম নগৰ সমাজ সংস্কাৰ নাঁওখেল কমিটিয়ে আয়োজন কৰা নাঁওখেল প্ৰতিযোগিতাখন উপভোগ কৰি উৎফল্লিত হৈ পৰে দুয়ো গৰাকী বিধায়ক।

বঢ়মপুৰ সমষ্টিৰ বিধায়ক গোস্বামীয়ে জীৱনত প্ৰথমবাৰৰ বাবে এই ঠাইখনলৈ আহি আৰু জীৱনত প্ৰথম বাৰৰ বাবে নাঁওখেল উপভোগ কৰি ই জীৱনৰ এক ঐতিহাসিক ক্ষন বুলি উল্লেখ কৰে। কামপুৰ বঢ়মপুৰ সমষ্টিৰ সদৰ হ'ব বুলি বিধায়ক জিতু গোস্বামীয়ে ঘোষনা কৰে।

ইফালে ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসেও সতীৰ্থ বিধায়কৰ উপস্থিতিত নাঁওখেল প্ৰতিযোগিতা উপভোগ কৰি আনন্দ প্ৰকাশ কৰে। বিধায়ক গৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত যমুনামুখৰ কপিলী দলংৰ পৰা বকুলগুৰীলৈ যোৱা পথটো পুনৰ নিৰ্মান কৰা হ'ব বুলি জনায়।

উল্লেখ্য যে, কপিলীকান ইছলাম নগৰ সমাজ সংস্কাৰ নাঁওখেল কমিটিয়ে আয়োজন কৰা নাঁওখেল প্ৰতিযোগিতাখনত নগাঁও জিলাৰ বহু কেইটা দলে অংশ লয়। স্থানীয় সমাজকৰ্মী মাইনুদ্দিনে সভাপতিত্বত কৰা সভাখনত কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ লগতে কামপুৰ পৌৰসভাৰ উপ সভাপতি জয়ন্তু ফুকন, গৰুবাট মৌজাৰ মণ্ডল বি জে পিৰ সভাপতি শান্তি ৰাম বৰা, তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, ৰাজ্যিক বি জে পিৰ কাৰ্যনিহাক সদস্য বাবুল বৰা, সমাজকৰ্মী পোনা বৰা আদি উপস্থিত থাকে।

কপিলীৰ পাৰত হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত অনুস্থিত হোৱা খেলখনত কুম্ভীডুবি বিজয়ী হয়। অনুস্থানটোৰ আঁত ধৰে ৰুবেল আহমেদে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in