Advertisment

বছৰটোৰ শেষতো অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱঃ কথমপি ৰক্ষা দুট পৰিয়াল...

নগাঁও জিলাৰ কন্দলী তপতজুৰিত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত আছে। পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা  বনৰীয়া হাতীৰ জাকে কন্দলীৰ বিভিন্ন অঞ্চলত প্ৰৱেশ কৰি গঞা ৰাইজক ত্ৰাহি মধুসুধন সোৱঁৰাইছে।

author-image
Asomiya Pratidin
New Update
বছৰটোৰ শেষতো অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱঃ কথমপি ৰক্ষা দুট পৰিয়াল...

ডিজিটেল সংবাদ,বঢ়মপুৰঃ নগাঁও জিলাৰ কন্দলী তপতজুৰিত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত আছে। পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকে কন্দলীৰ বিভিন্ন অঞ্চলত প্ৰৱেশ কৰি গঞা ৰাইজক ত্ৰাহি মধুসুধন সোৱঁৰাইছে। 

Advertisment

স্মৰ্তব্য যে, যোৱা প্ৰায় এটা দশকৰ পৰা অঞ্চলটোত বনৰীয়া হাতীৰ সন্ত্ৰাসৰ বাবে ৰাইজে ইতিমধ্যে কুঁহিয়াৰৰ দৰে লাভজনক খেতি কৰা বন্ধ কৰিবলৈ বাধ্য হোৱাৰ লগতে ভাতমুঠি মোকলোৱাৰ বাবে কৰা ধান খেতিও বন্ধ কৰিছে । উল্লেখযোগ্য যে,  কন্দলী, ননৈ, কঠিয়াতলী, বঢ়মপুৰ, কামপুৰ, বৰকোলা ইত্যাদি অঞ্চলৰ বৰ্ধিত বন্যহস্তীৰ সমস্যা সমাধান কৰিবলৈ স্থানীয় ৰাইজে ননৈ কন্দলী বন্যহস্তী সন্ত্ৰাস সমাধান সংগ্ৰাম সমিতি নামেৰে এখন সমিতি গঠন কৰি জিলা কৰ্তৃপক্ষ আৰু বনবিভাগৰ ওচৰত দাবী জনোৱা স্বত্বেও বনবিভাগে মাথোন ৬ কিলোমিটাৰ অঞ্চলজুৰি ঝাৎকা লাইনৰ ব্যৱস্থা কৰি নিজৰ দায়িত্ব সামৰি হাত সাবটি বহি থাকি অঞ্চলটোৰ ৰাইজক জীৱন সম্পত্তিৰ চৰম অনিশ্চয়তাৰ ফালে ঠেলি দিছে।

ফলস্বৰূপে কালি বনৰীয়া হাতীয়ে তপতজুৰিৰ চিকাৰী মুন্দা আৰু ৰামবিলাস মুন্দাৰ বাসগৃহ ভাঙি তচনচ কৰি পেলোৱাৰ লগতে পৰিয়াল দুটি বনৰীয়া হাতীৰ আক্ৰমণৰ কথমপিহে মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰে বুলি জানিবলৈ দিছে। এই সন্দৰ্ভত ননৈ কন্দলী বন্যহস্তী সন্ত্ৰাস সমাধান সংগ্ৰাম সমিতিৰ সমন্বয়ক বিৰিঞ্চি বৰাই কয় যে - কন্দলী পাহাৰৰ বিস্তীৰ্ণ বনাঞ্চল ধ্বংস কৰি চলোৱা বৈধ-অবৈধ খনন কাৰ্য্যৰ বাবেই বনাঞ্চল এৰি বনৰীয়া হাতী জনাঞ্চললৈ নামি আহে আৰু অসাধু ব্যৱসায়ীয়ে চৰকাৰ আৰু প্ৰশাসনৰ প্ৰত্যক্ষ সহযোগতে এনে ধ্বংসযজ্ঞ চলাই আহিছে।  

কালি ৰাতি বনৰীয়া হাতীয়ে চিকাৰী আৰু ৰামবিলাসৰ ( গাঠিয়া) ঘৰৰ লক্ষাধিক সম্পত্তি নষ্ট হোৱাৰ কথা উল্লেখ কৰি জিলা প্ৰশাসনক তাৎক্ষণিকভাৱে দুয়োটা পৰিয়ালক দুই লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ লগতে স্থানীয় বিধায়ক জিতু গোস্বামীক এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগক দিহা পৰামৰ্শ আগবঢ়াবলৈ অনুৰোধ জনায়।

বনৰীয়া হাতী