ভোমোৰাগুৰিত নিচাযুক্ত সামগ্ৰীসহ দুজনক আটক...

ভোমোৰাগুৰিত নিচাযুক্ত সামগ্ৰীসহ দুজনক আটক...

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

ei muhurtar khabar

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভোমোৰাগুৰিত বুধবাৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সহযোগত বটদ্ৰৱা আৰক্ষীয়ে চলোৱা অভিযানত নিষিদ্ধ ড্ৰাগছ সহ দুটা সৰবৰাহকাৰীক আটক কৰা হয়। ভোমোৰাগুৰি গাঁৱৰ ছাদত আলী আৰু শ্বাহীল আহমেদৰ ঘৰত চলোৱা তালাচী অভিযানত ড্ৰাগছ সহ সৰবৰহী কেইতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Advertisment

ধৃত ছাদত আলী আৰু শ্বাহীল আহমেদৰ পৰা ৩৫ টা ড্ৰাগছৰ কন্টেইনাৰ আৰক্ষীয়ে জব্দ কৰে। বৰ্তমান অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী কেইটাক জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী কেইটাই পুলিচৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি অঞ্চলত নিসিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল।

batadrava