বটদ্ৰৱা নাগৰিক মঞ্চৰ বন্তি প্ৰজ্বলনেৰে পেহেলগামৰ মৃতকলৈ শ্ৰদ্ধাঞ্জলি...

পাকিস্তান সমৰ্থিত লস্কৰ-ই-তৈবাৰ এটা গোটে সংঘটিত কৰা এই জঘন্য আক্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰি নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বটদ্ৰৱাত বন্তি প্ৰজ্বলন।

author-image
Tushar Pratim
New Update
বটদ্ৰৱা নাগৰিক মঞ্চৰ বন্তি প্ৰজ্বলনেৰে পেহেলগামৰ মৃতকলৈ শ্ৰদ্ধাঞ্জলি...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ২২ এপ্ৰিল, ২০২৫ মঙলবাৰে জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল পৰ্যটকৰ সৈতে মুঠ ২৮ গৰাকী লোক। পেহেলগামৰ সেই ঘটনাই সমগ্ৰ দেশক শোকস্তব্ধ কৰি তোলাৰ সমান্তৰালকৈ সন্ত্ৰাসবাদক একেমুখে সকলোৱে গৰিহণা দিছে।

Advertisment

পাকিস্তান সমৰ্থিত লস্কৰ-ই-তৈবাৰ এটা গোটে সংঘটিত কৰা এই জঘন্য আক্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰি নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শুকুৰবাৰে বটদ্ৰৱাত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হয়। বটদ্ৰৱা নাগৰিক মঞ্চৰ উদ্যোগত ২৮ গছি বন্তি প্ৰজ্বলন কৰি মৃতকৰ আত্মাৰ শান্তিৰ বাবে বটদ্ৰৱা থানৰ জাপি বাটচৰা সন্মুখত প্ৰাৰ্থনা কৰা হয়।

উক্ত কাৰ্যসূচীত বটদ্ৰৱা নাগৰিক মঞ্চৰ সভাপতি, সম্পাদককে প্ৰমুখ্য কৰিসমূহ সদস্য উপস্থিত থাকে।

বটদ্ৰৱা পেহেলগাম