ডিজিটেল সংবাদ উৰিয়া গাঁওঃ অসম লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাৰ ফলাফলে নগাঁও জিলাৰ কৰৈয়নী হেঙুলী চুকৰ এটা পৰিয়াললৈ কঢ়িয়াই আনিছে এক আনন্দৰ বাৰ্তা। অসম অসামৰিক সেৱা পৰীক্ষা(এ. চি.এছ)ত দুই ভাতৃ-ভগ্নী জিন্টু বৰাই ২১ নং আৰু মঞ্জুশ্ৰী বৰাই ২৫ নং স্থান লাভেৰে উত্তীৰ্ণ হৈ অঞ্চলটোৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
কৰৈয়নী হেঙুলী চুক নিবাসী কৃষ্ণৰাম বৰা আৰু পুষ্পাঞ্জলী বৰাৰ দুই সন্তানৰ এনে সফলতাত পিতৃ মাতৃ, শিক্ষক সমাজৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে। কৃষ্ণৰাম বৰা অসম আৰক্ষীৰ বেতাৰ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু পুষ্পাঞ্জলী বৰা এগৰাকী গৃহিণী।
উল্লেখযোগ্য যে,অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে দুই ভাতৃ-ভগ্নীয়ে অনলাইন মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰে মেধাবী ছাত্ৰ জিন্টু বৰাই নগাঁও মহাবিদ্যালয় পৰা পদাৰ্থ বিজ্ঞানত মেজৰসহ স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল।
কৃতীমান মঞ্জুশ্ৰী বৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল। মেধাবী শিক্ষাৰ্থী মঞ্জুশ্ৰী বৰাই ২০১৪ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁও চহৰৰ ৰেনেছাঁ চিনিয়ৰ চেকেণ্ডৰী স্কুলৰ পৰা অসমৰ ভিতৰত নৱম স্থান দখল কৰিছিল।
অসম লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষাত সফলতা অৰ্জন কৰা দুই ভাতৃ-ভগ্নীয়ে এনে সফলতা লাভ কৰাৰ বাবে পিতৃ, মাতৃকে কৃতিত্ব প্ৰদান কৰে।নিজৰ অধ্যৱসায় আৰু একাগ্ৰতা থাকিলে যে জীৱনত সফলতাৰে আগবাঢ়িব পাৰি,সেইয়া কৰৈয়নীৰ দুই ভাতৃ ভগ্নীয়ে প্ৰমাণ কৰি দেখুৱালে।