হোজাই আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনি প্ৰৱঞ্চক

হোজাই আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনি প্ৰৱঞ্চক

author-image
Asomiya Pratidin
New Update
হোজাই আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনি প্ৰৱঞ্চক

ডিজিটেল সংবাদ,হোজাইঃ বৃহস্পতিবাৰে হোজাই আৰক্ষীয়ে চলোৱা এক অভিযানত ৩গৰাকী প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰে জনোৱা অনুসৰি গ্ৰেপ্তাৰ হোৱা তিনি প্ৰৱঞ্চকৰ নাম ক্ৰমে চন্দন কুমাৰ বৰ্মা, প্ৰভাকৰ উপাধ্যায় আৰু বিকাশ কুমাৰ ৰয়।

Advertisment

আনহাতে তেঁওলোকৰ ঠিকনা উত্তৰ প্ৰদেশ আৰু বিহাৰত বুলি জানিব পৰা গৈছে;যদিও বৰ্তমান আটাইকেইজনে কাকী ডেৰাপথাৰৰ বুলি তথ্য লাভ কৰা গৈছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে উক্ত তিনি প্ৰৱঞ্চকে বহি: ৰাজ্যৰ যুৱকক ভাৰতীয় সৈনিক বিভাগৰ বিভিন্ন চাকৰিত জমা দিবলৈ অসমৰ পৰিচয়ৰ প্ৰমাণ পত্ৰ যোগান ধৰিছিল।

ইতিমধ্যে তিনি প্ৰৱঞ্চকৰ পৰা হোজাই আৰক্ষীয়ে বহু পৰিমাণৰ জাল নথি-পত্ৰ জব্দ কৰিছে। ইয়াৰ ভিতৰত PRC চাৰ্টিফিকেট, এফিডেভিট পত্ৰ, জাল চীল, জাল আধাৰ কাৰ্ড আদি কেইবা প্ৰকাৰৰ নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা তিনি প্ৰৱঞ্চকৰ ভিতৰত বিকাশ কুমাৰ ৰয়ে CISF চাকৰিত নিযুক্তি পাইছিল যদিও জমা দিয়া নথি পত্ৰ জাল হোৱাত ইতিমধ্যেই চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

ইতিমধ্যেই হোজাই আৰক্ষীয়ে শংকৰদেৱ নগৰ আদালতত তিনিওকে হাজিৰ কৰোৱাই অধিক সোধা-পোছাৰ বাবে ৫ দিনৰ বাবে আৰক্ষীৰ জিন্মাত লৈছে। উক্ত ঘটনা সন্দৰ্ভত লংকা আৰক্ষী থানাত ১৪০/২৪ নম্বৰত আৰক্ষীয়ে কেচ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে।

Also Read: জুবিন গাৰ্গে ঘূৰাই দিব লাগিব 'সংগীত সিন্ধু' উপাধি !

hojai Fraudsters crime Assam police