নগাঁও আৰক্ষীৰ অভিযানত মাৰাণাস্ত্ৰসহ তিনিজনক গ্ৰেপ্তাৰ

নগাঁও আৰক্ষীৰ অভিযানত মাৰাণাস্ত্ৰসহ তিনিজনক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
নগাঁও আৰক্ষীৰ অভিযানত মাৰাণাস্ত্ৰসহ তিনিজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,নগাঁও : নগাঁও আৰক্ষীয়ে মঙ্গলবাৰে অভিযান চলাই মাৰাণাস্ত্ৰসহ তিনিজন অবৈধ মাৰাণাস্ত্ৰ সৰবৰাহৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁও হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ মেধিৰ নেতৃত্বত চলিছিল এই অভিযান ।

Advertisment

এক গোপন সুত্ৰৰ পমখেদি হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে নগাঁও চহৰৰ সমীপৰ ভকতগাঁৱত অভিযান চলাই এই সফলতা লাভ কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত মুকুট , আবু চাহিদ আৰু চিদ্দিক আলি নামৰ তিনিজন অবৈধ মাৰাণাস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে অধিক তথ্য আহৰণৰ বাবে তিনিওকে জেৰা অব্যাহত ৰাখিছে। হীৰা নামৰ আন এজন সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয়। পলাতকজনৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী কেইজনৰ পৰা এটি ৭.৬৫ এম এম পিষ্টল আৰু চাৰিজাই সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰী কেইজন দীৰ্ঘদিন ধৰি অবৈধ মাৰাণাস্ত্ৰ সৰবৰাহ কৰা কামত নিয়োজিত হৈ আহিছে বুলি জানিব পৰা গৈছে। উল্লেখ যে নগাঁৱত অবৈধ মাৰাণাস্ত্ৰ সৰবৰাহ কৰা এটা দল সক্ৰিয় হৈ আছে।

Also Read: কেঁচুৱাৰ ছালখন প্ৰথম দিনাৰে পৰাই শুষ্কতাৰ পৰা ৰক্ষা

nagaon police Assam police