স্বাস্থ্য মন্ত্ৰীৰ সমষ্টিত জুৰিৰ পানী খাব লাগে গঞাইঃ সাংবাদিকে দিলে একোটকৈ ফিল্টাৰ

স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিত জুৰিৰ পানী খাব লাগে গঞাইঃ সাংবাদিকে দিলে একোটকৈ ফিল্টাৰ
স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিত জুৰিৰ পানী খাব লাগে গঞাইঃ সাংবাদিকে দিলে একোটকৈ ফিল্টাৰ

ডিজিটেল সংবাদ কলিয়াবৰঃ বছৰৰ পাছত বছৰ ধৰি পাহাৰৰ পৰা বৈ অহা জুৰিৰ পানী জমা হৈ থকা খালৰ পৰা শোধন নকৰাকৈয়ে খাই জীৱন নিৰ্বাহ কৰি অহা কলিয়াবৰৰ বাগৰিৰ আমদাংগা আৰু পাহাৰগুৰি গাঁৱৰ একাংশ দৰিদ্ৰ পৰিয়ালক বৃহস্পতিবাৰে কলিয়াবৰ প্ৰেছ ক্লাবে একোটাকৈ পানী ফিল্টাৰ প্ৰদান কৰে। কলিয়াবৰ প্ৰেছ ক্লাবৰ এনে মহানুভৱতাক গাওঁবাসীয়ে ভুৰি ভুৰি প্ৰশংসা কৰাৰ লগতে প্ৰেছ ক্লাবক ভগৱান আখ্যা দিয়ে ভুক্তভোগী পৰিয়াল কেইটাই।

কলিয়াবৰ মহকুমাৰ কুঠৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত বাগৰি সমীপৰ আমদাংগা আৰু পাহাৰগুৰি গাওঁবাসীয়ে যুগ যুগ ধৰি পাহাৰৰ জুৰিৰ পানীকে শোধন নকৰাকৈয়ে সেৱন কৰি আহিছে। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো কলিয়াবৰৰ এটা অঞ্চলৰ গঞা ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা কথাই বৰ্তমান সময়ত ৰাজ্য চৰকাৰখনৰ উন্নয়নৰ ফোপোলা স্বৰূপটো পুনৰ উদঙাই দেখুৱালে বুলি মন্তব্য কৰে সচেতন মহলে।

উল্লেখ্য যে, আজি বাগৰি অঞ্চলত পাহাৰগুৰি আৰু আমদাংগা গাওঁবাসীৰ ওচৰত উপস্থিত হয় কলিয়াবৰ প্ৰেছ ক্লাবৰ উপদেষ্টা ডিম্বেশ্বৰ হাজৰিকা, সভাপতি, উপ-সভাপতি, সম্পাদক ক্ৰমে তৰুণ মুক্তিয়াৰ, অমূল্য বৰা, গৌতম কুমাৰ বৰা, প্ৰাক্তন সভাপতি তপন শইকীয়া সদস্য আশীষ কুমাৰ শইকীয়া, পংকজ শইকীয়া, দিবাকৰ দাস প্ৰমুখ্যে পোন্ধৰ জনীয়া দলটো।

এই উদ্দেশ্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ উপ-বনাঞ্চলিক বিষয়া শান্তনু গগৈৰ উপস্থিতিত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় । সভাত কলিয়াবৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা প্ৰত্যেকগৰাকী গাওঁবাসীক একোটাকৈ পানী ফিল্টাৰ প্ৰদান কৰা হয়।

কলিয়াবৰ প্ৰেছ ক্লাবৰ সদস্য পংকজ শইকীয়াই আঁত ধৰা সভাখনিত ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰ, উপদেষ্টা ডিম্বেশ্বৰ হাজৰিকা, প্ৰাক্তন সভাপতি তপন শইকীয়া , সম্পাদক গৌতম কুমাৰ বৰাৰ লগতে বন বিষয়া শান্তনু গগৈয়ে গাওঁবাসীৰ পানীৰ সমস্যা আৰু সমাধান প্ৰসংগত ভাষণ প্ৰদান কৰি একোটাকৈ পানী ফিল্টাৰ প্ৰদান কৰে।

এই কাৰ্যসূচীত বিশেষভাৱে সহযোগিতা কৰে গাঁৱৰে যুৱক ৰঞ্জু তাঁতী আৰু ৱাৰ্ড সদস‍্যা দিপ্তী দাস চৌধুৰীয়ে।গাওঁ দুখনৰ ক্ৰমে অৱনী তাঁতী,গণেশ গগৈ, ৰাজু কৰ্মকাৰ, নিৰু শইকীয়া, সাগৰ মণি তাঁতী, জীতেন তাঁতী, নন্দ চাওতাল, ৰুক্মিণী গুৱলা, কৃষ্ণ বৰা, যুগল গগৈ, মিনতি বৰ্মন, পুনম ঘোষ, অতুল তাঁতী, লিলা তাঁতী, ভগীৰথ কৰ্মকাৰ, শিলা কুৰুৱা, ভজন্তী তাঁতী, ৰঞ্জিত তাঁতী, হৰি তাঁতী, লালবাহাদুৰ ছেত্ৰী, সন্তোষ তাঁতীকে ধৰি প্ৰায় ৪০ টা পৰিয়ালক একোটাকৈ পানী ফিল্টাৰ প্ৰদান কৰা হয়।

কলিয়াবৰ প্ৰেছ ক্লাবে পানী শোধন কৰি খাবৰ বাবে এইয়া সামান্য ব‍্যৱস্থাৰে উন্নয়নৰ ফটা ঢোল বজোৱা চৰকাৰখনৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছে । সকলোৱে আশা কৰে অতি কম দিনৰ ভিতৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগে যাতে বাগৰিৰ উক্ত গাঁও দুখনৰ লগতে সমীপবৰ্তী অঞ্চলত বিশুদ্ধ খোৱা পানীৰ সু-ব‍্যৱস্থা কৰি পৰিয়াল কেইটা বিশেষ কৈ গাঁও দুখনৰ উঠি অহা প্ৰজন্মক সুস্থভাৱে জীয়াই থকাৰ অধিকাৰ দিয়ে ।

স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিত জুৰিৰ পানী খাব লাগে গঞাইঃ সাংবাদিকে দিলে একোটকৈ ফিল্টাৰ
জলজীৱন, অনাময় আদি আঁচনিয়ে ঢুকি নেপোৱা আমদাংগাৰ চকুলু মচিব কোনে?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in