/asomiyapratidin/media/media_files/2025/03/05/Svr9M72JLiNp9DREfgxm.jpg)
ডিজিটেল ডেস্কঃ কলিয়াবৰ কুঁৱৰীটোল কৰতিপাৰ বগাজন সত্ৰ নামঘৰত নিশা সংঘটিত হয় এক চুৰিকাণ্ড। জানিব পৰা মতে সত্ৰৰ মণিকূটৰ লগতে শালগ্ৰাম গৃহত চোৰে নিশা প্ৰবেশ কৰি গোঁসাইৰ বিগ্ৰহ স্নান কৰোৱা সকলো মূল্যবান সম্পদৰ লগতে সোণ-ৰূপৰ ফুলি, থালি-বাতি, ৰাইজে দান-বৰঙণি আগবঢ়োৱা এটা বাকচ চোৰে লৈ যায়।
তাৰোপৰি মণিকূটত থকা শ্ৰীকৃষ্ণৰ সোণৰ বাঁহীটোও লৈ যায় চোৰে। এই ঘটনা সন্দৰ্ভত মন্দিৰ কৰ্তৃপক্ষ অৱগত হোৱাৰ পাছতে তেওঁলোকে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে।
তাৰ পাছতে কলিয়াবৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ লগতে মহকুমা আৰক্ষী বিষয়া শ্যামন্ত শৰ্মা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। স্থানীয় ৰাইজে শীঘ্ৰেই চোৰক কৰায়ত্ত কৰাৰ দাবী উত্থাপন কৰিছে।