ৰে'ল কৰ্মচাৰী অজিত পাটৰৰ অকাল মৃত্যু...

ৰে'ল কৰ্মচাৰী অজিত পাটৰৰ অকাল মৃত্যু...

author-image
Asomiya Pratidin
New Update
ৰে'ল কৰ্মচাৰী অজিত পাটৰৰ অকাল মৃত্যু...

ডিজিটেল সংবাদ,নগাঁওঃ কৰ্মস্থলীতে অসুস্থ হৈ শেষ নিশ্বাস ত্যাগ কৰিলে অজিত পাটৰে। ভাৰতীয় ৰেল বিভাগৰ কৰ্মচাৰী অজিত দিন দিয়েক পূৰ্বে কৰ্মস্থলিত অচেতন হৈ ঢলি পৰিছিল। পশ্চিম বংগত কৰ্মৰত অজিত অসুস্থ হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও বুধবাৰে সন্ধ্যা মৃত্যুক সাৱতি লয় ।

৪৫ বছৰীয়া অজিত পাটৰৰ মৃতদেহটি বৃহস্পতিবাৰৰ নিশা নগাঁৱলৈ অনা হয় । জন্ম কামপুৰ যদিও অজিত নগাঁও পানীগাওঁ কালিবাৰীত বাস কৰিছিল। অজিত পাটৰৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নে গভীৰ শোক প্ৰকাশ কৰিছে ।

nagaon news