সোনালী জয়ন্তী বৰ্ষত ভৰি দিলে মিলনপুৰৰ ৰঙালী বিহুয়ে...

নগাঁও চহৰৰ মিলনপুৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰঙালী বিহু ৷ দক্ষিণ নগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰঙালী বিহুখনিয়ে এইবেলি সোনালী জয়ন্তী বৰ্ষত ভৰি দিয়ে

author-image
Asomiya Pratidin
New Update
সোনালী জয়ন্তী বৰ্ষত ভৰি দিলে মিলনপুৰৰ ৰঙালী বিহুয়ে...

সোনালী জয়ন্তী উদযাপন

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰৰ মিলনপুৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰঙালী বিহু ৷ দক্ষিণ নগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰঙালী বিহুখনিয়ে এইবেলি সোনালী জয়ন্তী বৰ্ষত ভৰি দিয়ে ৷

Advertisment

আদৰ্শনগৰ মিলনপুৰত ১৬ এপ্ৰিল পুৱা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই পতাকা উত্তোলন কৰাৰ লগে লগে বিহুৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয় ৷ সোনালী জয়ন্তী উপলক্ষে এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হয় ৷

স্মৃতিগ্ৰন্থ  উন্মোচন
স্মৃতিগ্ৰন্থ উন্মোচন

দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ লগতে নিশালৈ সদৌ অসম ভিত্তিত চেনীমাই বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বিহুৱতী প্ৰতিযোগিতাৰ পাতনিতে বিগত সময়ত বিহু খনিক নেতৃত্ব প্ৰদান কৰা জাতীয়তাবাদী নেতা ৰাতুল মহন্তৰ লগতে অনান্য সকলক সম্বৰ্দ্ধনা জনোৱা হয় ৷

১৭ এপ্ৰিলত পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে শিশুৰ মাজত খেল ধেমালী , চিত্ৰাংকন প্ৰতিযোগিতা আদিৰ লগতে নিশা ৰিমলী শৰ্মা বৰা, বৰণ বিকাশ, দৰথী বৰদলৈ, জিল মহন্তই গীত পৰিৱেশন কৰে ৷

১৮ এপ্ৰিলৰ পুৱা মাৰথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হব ৷ বিয়লি নগাঁও জিলা ভিত্তিত কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত হব ৷ নিশাৰ সাংস্কৃতিক অনুষ্ঠানত শিল্পী বিপিন চাওদাঙে গীত পৰিবেশন কৰিব ৷

 মিলনপুৰৰ ৰঙালী বিহু
মিলনপুৰৰ ৰঙালী বিহু

Also Read: ১২তম ৰংজালি বৈশাগু উৎসৱক লৈ ব্যস্ততা...

সোনালী জয়ন্তী মিলনপুৰৰ ৰঙালী বিহু