বটদ্ৰৱাত বীৰ ছহিদ লীলা কান্ত কলিতাৰ মাতৃ ৰেৱতী কলিতাৰ বিয়োগ...

বটদ্ৰৱাৰ ৰাষ্ট্ৰীয় বীৰ ছহিদ লীলা কান্ত কলিতাৰ মাতৃ ৰেৱতী কলিতাৰ আজি নিজ বাসগৃহত বিয়োগ ঘটে। ৮০ বছৰীয়া মহিলাগৰাকী কিছু বছৰ ধৰি শাৰিৰীক অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছিল। 

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত বীৰ ছহিদ লীলা কান্ত কলিতাৰ মাতৃ ৰেৱতী কলিতাৰ বিয়োগ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ ৰাষ্ট্ৰীয় বীৰ ছহিদ লীলা কান্ত কলিতাৰ মাতৃ ৰেৱতী কলিতাৰ আজি নিজ বাসগৃহত বিয়োগ ঘটে। ৮০ বছৰীয়া মহিলাগৰাকী আজি কিছু বছৰ ধৰি শাৰিৰীক অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছিল। 

উল্লেখ্য যে ২০১০ চনৰ ৬ এপ্ৰিলত চত্তিশগড়ৰ ডাণ্টেৱাৰা জিলাৰ তাৰমেটলা নামৰ এখন ঘন জংঘলত সন্ত্ৰাসবাদীৰ লগত সাহসেৰে যুঁজ দি ছহিদ হৈছিল বটদ্ৰৱাৰ লীলা কান্ত কলিতা। বৰপুত্ৰ লীলা কলিতাৰ মৃত্যুৰ পাছত মানসিকভাৱে ভগি পৰি অৱশেষত শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিল মহিলাগৰাকী।

ইফালে লীলা কান্ত কলিতাৰ মৃত্যুৰ পাছত আৰ্থিক দৈন্যতাৰ বাবে তেওঁৰ ভালদৰে চিকিৎসা কৰিব পৰা নাছিল বুলি জানিব পৰা গৈছে। সৰবৰহী, সৰলমনৰ, ধৰ্মপ্ৰাণ, শান্ত প্ৰকৃতিৰ আইমাতৄ গৰাকীৰ বিয়োগত বিধায়ক ৰূপক শৰ্মা, বটদ্ৰৱা নাগৰিক মঞ্চ, বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতি, বটদ্ৰৱা সাংবাদিক সন্থাকে আদি কৰি বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত তেওঁ পুত্ৰ প্ৰমোদ কলিতা, অনিল কলিতা, দুগৰাকী বোৱাৰী, তিনিগৰাকী জীয়ৰী, জোৱাই, নাতি নাতিনীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। 

বটদ্ৰৱা