শিক্ষাবিদ গ্ৰন্থ-প্ৰণেতা ড° ৰঞ্জন ভ‍ঁৰালীৰ স্মৃতিচাৰণ সভা আৰু গ্ৰন্থ উন্মোচন...
শিক্ষাবিদ গ্ৰন্থ-প্ৰণেতা ড° ৰঞ্জন ভ‍ঁৰালীৰ স্মৃতিচাৰণ সভা আৰু গ্ৰন্থ উন্মোচন...

শিক্ষাবিদ গ্ৰন্থ-প্ৰণেতা ড° ৰঞ্জন ভ‍ঁৰালীৰ স্মৃতিচাৰণ সভা আৰু গ্ৰন্থ উন্মোচন...

''এখন সমাজৰ মানদণ্ড ভৌগলিকভাৱে অথবা সম্পদেৰে নহয়,সেই দেশে জন্ম দিয়া মানুহৰ মানদণ্ডৰে জোখা হয়''- প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা

ডিজিটেল সংবাদ বেবেজীয়াঃ নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ) অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, সমাজকৰ্মী, লেখক ড° ৰঞ্জন ভঁৰালীৰ আদ্ধশ্ৰাদ্ধ উপলক্ষে আজি স্মৃতি চাৰণ সভা আৰু শ্ৰদ্ধাৰ্ঘ গ্ৰন্থ উন্মোচনৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। ড° ৰঞ্জন ভঁৰালীৰ সোঁৱৰণত প্ৰকাশিত শ্ৰদ্ধাৰ্ঘ গ্ৰন্থখনিৰ উন্মোচন কৰে প্ৰাক্তন মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক-নিবন্ধকাৰ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই।

সাংবাদিক দেৱজিৎ হাজৰিকাৰ পৰিকল্পনাৰে প্ৰস্তুত শ্ৰদ্ধাৰ্ঘ গ্ৰন্থখনিৰ উন্মোচন কৰি উন্মোচক প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে, এখন সমাজৰ মানদণ্ড ভৌগলিকভাৱে অথবা সম্পদেৰে জোখা নহয়। মানদণ্ড জোখা হয় সেই দেশে জন্ম দিয়া মানুহৰ গুণৰ দ্বাৰা। তেনে ব্যক্তিত্বসম্পন্ন ব্যক্তিৰ মৃত্যু সমাজৰ বাবে ক্ষতিকাৰক। তেওঁ আৰু কয় যে, ড° ৰঞ্জন ভঁৰালী সংস্কৃতিৱান, কৰ্মপটু, সুদক্ষ শিক্ষক, কেইবাখনো গ্ৰন্থৰ প্ৰণেতা ভঁৰালীৰ মৃত্যু সমাজৰ বাবে বিশেষ ক্ষতি।

অসমৰ ৰাজ্যপালৰ প্ৰাক্তন সচিব তথা কবি জীৱন শইকীয়াই আঁত ধৰা সভাখনিত ড° ভঁৰালীৰ পত্নী কৃতী শিক্ষয়িত্ৰী বিউটি বৰা ভ‍ঁৰালীয়ে আৰম্ভণিতে প্ৰয়াত স্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি তেওঁৰ শিক্ষাগুৰু তথা ভঁৰালীৰ মৃত্যত শোক প্ৰকাশ কৰাৰ লগতে শিক্ষাগুৰুৰ স্মৃতিত এক পৰিকল্পনাৰ কথা ভাষণত সদৰি কৰে।

তেওঁ আৰু লগতে কয় যে, ড° ভৰালীৰ মৃত্যুৱে শৈক্ষিক ক্ষেত্ৰৰ লগতে সামাজিক দিশতো ক্ষতি কৰিলে। অনুষ্ঠানত নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ) উপাধ্যক্ষ পুলিন বৰা, অধ্যাপক ড° সুৰজিৎ ভাগৱতী, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা, ভ‍ঁৰালীৰ বাল্যকালৰ বন্ধু শৰৎ মহন্তকে ধৰি বহুকেইজন বক্তাই ড° ৰঞ্জন ভঁৰালীৰ সম্পৰ্কে বক্তব্য আগবঢ়াই আলোকপাত কৰে। অনুষ্ঠানত ভঁৰালীৰ পুত্ৰ গীতাৰ্থ ভ‍ঁৰালী, কন্যা হিমাদ্ৰী ভৰালীৰ লগতে পৰিয়ালবৰ্গৰ লোকসকলৰ উপৰিও নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in