/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/02431ee6-88bd-45b5-b35b-e6bdaf7bca7d/6.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়া সমীপৰ শেনছোৱা অঞ্চলৰ শেনছোৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ চতুৰ্থ সংখ্যক ত্ৰিবাৰ্ষিক অধিবেশন দেওবাৰে অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনৰে অধিৱেশনৰ শুভাৰম্ভ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুনীল নাথে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/10a81660-f083-4229-8cd7-95f3119216b1/78ab9536-c6be-4832-a02a-38436627c35b.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/931d5dc0-f942-4bcc-840d-842cf7e9a8de/dc9d626f-b64c-454e-b5d8-7463267fb166.jpg)
স্মৃতি তৰ্পন অনুস্থান মুকলি কৰে প্ৰাণজিৎ নাথ আৰু সমাজকৰ্মী ৰাজীৱ বৰাই। তাৰপাছতে বৃক্ষ ৰোপন কৰে অজিত শইকীয়া আৰু দ্বীপেন কাকতিয়ে। এই উপলক্ষে শিক্ষাবিদ সুনীল নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি বিদ্যাভাৰতীৰ প্ৰান্তীয় প্ৰমূখ প্ৰফুল্ল দাসে বিদ্যাভাৰতীৰ দৰ্শনৰ বিষয়ে উল্লেখ কৰি কয় -বিদ্যাভাৰতীয়ে পাঠ্যক্ৰমৰ শিক্ষাৰ সামান্তৰালভাৱে সংস্কাৰমুখী শিক্ষা প্ৰদান কৰি আহিছে। নৱপ্ৰজন্মক মানৱীয় অনুভূতিৰ বিষয়েও অবগত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6d87354d-5cb6-471a-b503-4e33e3dd2f9c/c40c1566-7cb0-4dba-805f-a726f7f7838b.jpg)
সম্পাদক ৰাজু বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সত্যেন শইকীয়া, লেনিন মহন্ত ,শচীন্দ্ৰ মহন্ত আদিয়ে ভাষণ প্ৰদান কৰে। সভাত পুস্পেন্দ্ৰ হাজৰিকা, জগন্নাথ মহন্ত ,ৰজত মহন্ত , লৱ শৰ্মা ,ৰজত মুদৈ, দেউতী ৰাজখোৱা,প্ৰদীপ নাথ, প্ৰধান আচাৰ্য পংকজ নাথ আদিকে ধৰি বহু গণ্য মান্য ব্যক্তি আৰু অভিভাৱকসকলে অংশগ্ৰহণ কৰে।