২০ শতাংশ বনাচ দিয়াৰ দাবীত উত্তাল চিকনি চাহ বাগিচা...

২০ শতাংশ বনাচ দিয়াৰ দাবীত উত্তাল চিকনি চাহ বাগিচা...
২০ শতাংশ বনাচ দিয়াৰ দাবীত উত্তাল চিকনি চাহ বাগিচা...

ডিজিটেল সংবাদ কলিয়াবৰঃ ২০ শতাংশ বনাচ দিয়াৰ দাবীত শুকুৰবাৰে উত্তাল হ'ল কলিয়াবৰ মহকুমাৰ অন্তৰ্গত জখলাবন্ধাৰ চিকনি চাহ বাগিচা । শ্ৰমিকসকলে বাগিচা কাৰ্যালয়ৰ সমুখত বিভিন্ন শ্ল'গানেৰে ২০ শতাংশ বনাচৰ দাবীত উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী চাহ শ্ৰমিকসকলে কয় চৰকাৰে প্ৰত্যেক বাগিচা কৰ্তৃপক্ষক ২০ শতাংশ বনাচ দিবলৈ নিৰ্দেশ দিয়াৰ পাছতো চিকনি চাহ বাগিচা কৰ্তৃপক্ষই গুৰুত্ব দিয়া নাই। বৰ্তমান বাগিছা মালিকে ৮.৩ শতাংশ বনাচ দিয়াৰ ঘোষণা কৰিছে যদিও শ্ৰমিকসকলে মানি নলয় বুলি ব্যক্ত কৰে।

২০ শতাংশ বনাচ নিদিয়া পৰ্যন্ত কাম বন্ধ কৰি প্ৰতিবাদ অব‍্যাহত ৰাখিব বুলিও জনাইছে শ্ৰমিক-কৰ্মচাৰীসকলে । ইফালে আন এজন ক্ষোভিত চাহ শ্ৰমিকে কয়, দৰিদ্ৰ চাহ শ্ৰমিকসকলক নেতৃত্ব দিয়া বাগিচা গোটৰ সভাপতিগৰাকীয়ে নিৰৱ ভূমিকা লোৱাত সমূহ চাহ শ্ৰমিক বাৰুকৈয়ে ক্ষোভিত হৈছে।

উল্লেখ্য যে, বছৰ বছৰ ধৰি দুখ কষ্টেৰে কাম কৰি অহা দৰিদ্ৰ চাহ শ্ৰমিকসকলে প্ৰত্যেক বছৰে পূজাৰ বনাচক লৈ আন্দোলন কৰিব লগা হোৱাতো নিয়মত পৰিণত হোৱাই নহয় বৰ্তমানৰ জয়জয় ময়ময় অৱস্থাত থকা বিজেপি চৰকাৰৰ দিনত বিশেষ তাৎপৰ্য বহন কৰিছে বুলিও একাংশ শ্ৰমিকে মন্তব্য কৰা শুনা গ'ল।

২০ শতাংশ বনাচ দিয়াৰ দাবীত উত্তাল চিকনি চাহ বাগিচা...
বিচনাৰ তলৰ পৰা উদ্ধাৰ কৰা টকা দেখি চকু কপালত উঠিছে নেটিজেনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in