/asomiyapratidin/media/media_files/2025/03/07/UFfa23aREDvGA8tt4sif.jpg)
ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ চৰকাৰ বুক ষ্টলৰ প্ৰাক্তন কৰ্মী ২নং পানীগাঁও কেচাঁআলিৰ বাসিন্দা তপন বসাকৰ ৬ মাৰ্চৰ পুৱা প্ৰায় ৮ বজাত জি এম চি এইছত মৃত্যু হয়। যোৱা ২৪ তাৰিখে নিজৰ এলেকাতে পথত খোজকাঢ়ি থাকোতে পালচাৰ বাইক আৰোহী এজনে জোৰকৈ খুন্দা মৰাত তেওঁক ততালিকে নগাঁৱৰে এখন ব্যক্তিগত নাৰ্চিংহোমত ভৰ্তি কৰোৱা হৈছিল।
কিন্ত তেওঁৰ শাৰীৰিক পৰিস্থিতিৰ কোনো উন্নতি নোহোৱাত পাছলৈ আন এখন ব্যক্তিগত নাৰ্চিংহোমত ভৰ্তি কৰোৱা হৈছিল। কিন্তু তাতো তেওঁ সুস্থ নোহোৱাত আৰু শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত গুৱাহাটীৰ মেডিকেল কলেজ হাস্পাতালত যোৱা ৩ মাৰ্চত ভৰ্তি কৰোৱা হয়।
কিন্তু তেওঁৰ মগজুৰ পৰা অধিক ৰক্তক্ষৰণ হোৱাৰ ফলত ৬ মাৰ্চৰ পুৱা জীৱন নাট সামৰি ইহ লীলা সম্বৰণ কৰে। দক্ষিণ ত্ৰিপুৰাৰ চাবেৰূম কঠালচৰাই নামে ঠাইৰ স্বৰ্গীয় সন্তোষ বসাক আৰু শ্ৰী তুলসী বসাকৰ আঠ সন্তানৰ দ্বিতীয় সন্তান তপন বসাকে কামৰ সন্ধানত ১৯৮৩ চনত নগাঁৱলৈ আহিছিল।
তেতিয়াৰ পৰাই সুদীৰ্ঘ সময় ধৰি তেওঁ কাকত বিলনীয়া হিচাপে কাম কৰি পিছলৈ স্বাধীনভাৱে এই ব্যৱসায় আৰম্ভ কৰে। ইয়াৰ পাছত আজিৰ পৰা প্ৰায় তিনি বছৰমান আগলৈকে পৰিবহন নিগমৰ কাষৰ চৰকাৰ বুক ষ্টলত ১২ বছৰ ধৰি এজেন্ট কৰ্মীৰূপে কৰ্মৰত আছিল।
মৃত্যুৰ সময়ত তেওঁ পত্নী কল্পনা বসাক পুত্ৰ প্ৰদীপ,জীয়ৰী সোমা আৰু বোৱাৰী ৰূপা সেন,জোৱাঁই পাপাই ৰায়কে আদি কৰি বহু ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us