টেংকাৰত তেল নহয়, ২২ টা চোৰাং গৰুঃ চামগুৰি আৰক্ষীৰ অভিযানত জব্দ

গোপন সূত্ৰৰ আধাৰত চলাইছিল অভিযান

author-image
Asomiya Pratidin
New Update
টেংকাৰত তেল নহয়, ২২ টা চোৰাং গৰুঃ চামগুৰি আৰক্ষীৰ অভিযানত জব্দ

টেংকাৰত তেল নহয়, ২২ টা চোৰাং গৰুঃ চামগুৰি আৰক্ষীৰ অভিযানত জব্দ

ডিজিটেল সংবাদ চামগুৰিঃ ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা। বুধবাৰে নিষা চামগুৰিৰ বাজিয়াগাঁৱত চোৰাং গৰু সৰবৰাহ কৰা টেনে এখন বাহন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

Advertisment

গৰুৰ চোৰাং বেহা ৰোধ কৰাৰ বাবে আৰক্ষী কঠোৰ হোৱাত একাংশই বিভিন্ন কৌশলেৰে অবৈধভাৱে এনে কাৰোবাৰ চলাই অহাৰ চেষ্টা চলাইছে। বিশেষকৈ টেংকাৰৰ ভিতৰত অতি নিৰ্মমভাৱে গৰু সৰবৰাহ হৈ আহিছে।

চামগুৰিত আৰক্ষীয়ে জব্দ কৰা গৰু কেইটাও কঢ়িয়াই অনা হৈছিল এখন টেংকাৰত। আৰক্ষীয়ে জব্দ কৰা টেংকাৰখনৰ নম্বৰ AS-01-CC-8260। এই বাহনখনত আছিল মুঠ ২২ টাকৈ চোৰাং গৰু।

উল্লেখ্য যে, চামগুৰি আৰক্ষীয়ে এক গোপন সূত্ৰৰ আধাৰত চলাইছিল এই অভিযান। অৱশ্যে আৰক্ষীৰ এই অভিযানৰ খবৰ লাভ কৰাত বাহনখনৰ সৈতে গৰু কেইটা এৰি পলায়ন কৰে কুখ্যাত গৰু চোৰ চক্ৰটোৰে জড়িতসকল।

Also Read: তিতাবৰৰ আসাম ফাৰ্মাচী ইনষ্টিটিউটত শতাধিক শিক্ষাৰ্থীৰ স্বেচ্ছাই ৰক্তদান...

চামগুৰি চোৰাং গৰু