ভাৰত ৰঙ্গ মহোৎসৱলৈ নিৰ্বাচিত নগাঁৱৰ শিল্পকাননৰ নাট 'তদন্ত'

বিশ্বৰ অন্যতম সৰ্ববৃহৎ নাট মহোৎসৱ ভাৰত ৰঙ্গ মহোৎসৱ হৈছে দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰা এখন আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ ।

author-image
Asomiya Pratidin
New Update
ভাৰত ৰঙ্গ মহোৎসৱলৈ নিৰ্বাচিত নগাঁৱৰ শিল্পকাননৰ নাট 'তদন্ত'

ডিজিটেল সংবাদ, বেবেজীয়াঃ বিশ্বৰ অন্যতম সৰ্ববৃহৎ নাট মহোৎসৱ ভাৰত ৰঙ্গ মহোৎসৱ হৈছে দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰা এখন আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ । প্ৰতি বছৰে ১ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈকে দিল্লীকে ধৰি ভাৰতৰ বিভিন্ন ১০ খন চহৰত অনুষ্ঠিত হয় এই নাট মহোৎসৱ ।

Advertisment

এইবছৰ ভাৰত ৰঙ্গ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ । মুঠতে ১৫০ খন নাটক মঞ্চস্থ হ'বলগীয়া এইবাৰৰ সমাৰোহত ৰাছিয়া,পোলেণ্ড, বাংলাদেশ, শ্ৰীলংকা, নেপাল আদিকে ধৰি বহিঃৰাষ্ট্ৰৰো ১০ টা নাট্যদলে মুঠতে ১০ খন বিদেশী নাটক প্ৰদৰ্শন কৰিব । দিল্লী, মুম্বাই, পুনা, পাটনা, ডিব্ৰুগড়, কাশ্মীৰকে আদি কৰি ভাৰতৰ মুঠ ১৩ খন চহৰত অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱত প্ৰথমবাৰৰ বাবে নগাঁৱৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান শিল্প কাননে উৰিষ্যাৰ ভূৱনেশ্বৰত আগন্তুক ১১ ফেব্ৰুৱাৰীত প্ৰদৰ্শন কৰিব প্ৰখ্যাত ইংৰাজ নাট্যকাৰ জন বয়ণ্টন প্ৰিষ্টলীৰ 'An Inspector Calls' নাটকখনৰ ড০ ভবেন্দ্ৰ নাথ শইকীয়াই অনুবাদ কৰা অসমীয়া ভাষাৰ নাটক 'তদন্ত' । নাটকখন পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা অসমৰ জীয়ৰী দক্ষিণা শৰ্মাই । সুৰজ শইকীয়া,অশোক কুমাৰ সিং,সোণমণি বেজবৰুৱা,ধনঞ্জয় বৰদলৈ,অংশুমান শইকীয়া, নিবেদিতা গৌতম,শোণিত কুমাৰ বৰাকে ধৰি তদন্তৰ মুঠ ২০ জনীয়া দলটো অহা ৯ ফেব্ৰুৱাৰীত ভূৱনেশ্বৰ অভিমুখে ৰাওনা হ'ব । শিল্প কাননৰ নগাঁৱৰ নিজা আখৰা গৃহত যোৱা ২০ জানুৱাৰীৰ পৰা 'তদন্ত'ৰ আখৰা চলি আছে । 'তদন্ত'ৰ উপৰিও আৰু অন্য দুখন অসমীয়া নাটক এইবাৰ ভাৰত ৰঙ্গ মহোৎসৱ মঞ্চস্থ হ'ব বুলি জানিব পৰা গৈছে । এই খবৰে এতিয়া নগঞা নাট্য অনুৰাগীসকলৰ মাজত উৎসাহৰ ধল বোৱাইছে ।

Also Read: পুৰণিগুদামত নিশা চুৰিকাণ্ডঃ সমগ্ৰ দৃশ্য বন্দী কেমেৰাত...

International Drama Festival national drama school delhi bharat ranga mohutshav nagaon