কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত ছহিদ দিৱস উদযাপন

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত ছহিদ দিৱস উদযাপন

ডিজিটেল সংবাদ,কলিয়াবৰঃ মাধ্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই বিগত বছৰ সমূহৰ দৰে পালন কৰি অহা শ্বহীদ দিৱস এই বেলি ৮ আৰু ৯ নৱেম্বৰত দুদিনীয়াকৈ আয়োজন কৰা বুলি উদ্যোক্তা সকলে জনাইছে। কাৰ্যসূচী অনুসৰি বুধবাৰে প্ৰথম দিনা পুৱা ৫-৩০ বজাত সদৌ অসম ৩৫ সংখ্যক কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰে মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই।

প্ৰতিযোগিতাৰ অন্তত বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব চক্ৰ বিষয়া ৰাজনিশাণ শর্মাই। সন্ধিয়া শহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী ৩৭ সংখ্যক সদৌ অসম একাঙ্কিকা নাট প্ৰতিযোগিতা আৰম্ভ হ'ব। প্ৰতিযোগিতা খনি উদ্বোধন কৰিব বিশিষ্ট অভিনেতা, চলচ্চিত্ৰ পৰিচালক প্ৰদীপ হাজৰিকাই।

একাঙ্কিকা নাটক প্ৰতিযোগীতাত অংশ গ্ৰহন কৰিবলগীয়া দল কেইটি হ’ল ক্ৰমে পুৱেৰুন,কলিয়াবৰ( নাটক: আইনা ), গুৱাহাটী ড্ৰীম ৯২ (নাটকঃ ভয়), নগাঁও খোজ (নাটকঃ এন ইনকমপ্লিটেড ড্ৰাফ), বিশ্বনাথ চাৰিআলি গামোছা (নাটকঃ জখলা), গুৱাহাটী নটতীৰ্থ (নাটকঃ চেণ্ডেল), পুৰণিগুদাম জ্যোতিশিল্প (নাটকঃ বলুকাত বিয়লি বেলা), বোকাখাট সাৰথি নাট্য গোষ্ঠী (নাটক: ভেকুৱাম), জেংৰাই অসম (নাটকঃদিগনিতি অফ লেবাৰ), তেজপুৰ থিয়েটাৰ একাডেমী (নাটক: যাদুঘৰ), গোলাঘাট পদাতিক ঢেকিয়াল (নাটকঃ কথা কুঁহিপাত), কলিয়াবৰ ঠেউকী (নাটকঃ ইউনিৰ্ফম), পুৰণিগুদাম নৱসৃষ্টি(নাটকঃএলিয়েন আহিছে ) আৰু বোকাখাত প্ৰয়াস নাট্য গোষ্ঠীয়ে নিবেদন কৰিব 'ভাৱৰীয়া দ্যা জাৰ্মান চেৰ্ফাড’ নামৰ নাটকখন ৷

ছহিদ দিৱসৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব সদৌ নগাঁও জিলা ছাত্র সন্থাৰ সভাপতি সীমান্ত বৰাই । শ্বহীদ তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰিব ছহিদ নৰেন্দ্ৰ নাথ মহন্তৰ পত্নী তুলসী মহন্তই। সর্বধর্মীয় প্রার্থনা সভাৰ পাছতে ছহীদ স্মৃতি চাৰণ আৰু সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠানত অসম আন্দোলনৰ সংগ্ৰামী ব্যক্তি ক্ৰমে বাবুল হাজৰিকা আৰু শঙ্কৰ বৰুৱাক সম্বৰ্দ্ধনা জনোৱা হ'ব।

সন্ধিয়া ৫-৩০ বজাত অসমৰ ভাষা, মাধ্যম, খাদ্য আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ জাতীয় ছহিদসকলৰ সোঁৱৰণত ৮৬০ গছি বন্তি প্ৰজ্বলন অনুষ্ঠানত মুখ্য আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, মৃদুল হাজৰিকা, গৌৰী শঙ্কৰ শ‍ইকীয়া আৰু কলিয়াবৰৰ জাতীয় আন্দোলনৰ শ্বহীদ পৰিয়াল, কলিয়াবৰৰ বৰেণ্য ব্যক্তি আৰু ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থ সকলে। সন্ধিয়া ৬-৩০ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধক কৰিব মহকুমাধিপতি লিজা তালুকদাৰে।

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত ছহিদ দিৱস উদযাপন
দিছপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in