বিজেপি মিত্ৰজোঁটলৈ মুকলি সমৰ্থন 'সূত উন্নয়ন পৰিষদ, অসম'ৰ

বিজেপি মিত্ৰজোঁটলৈ মুকলি সমৰ্থন 'সূত উন্নয়ন পৰিষদ, অসম'ৰ

ডিজিটেল সংবাদ, বঢ়মপুৰঃ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক মুকলিকৈ সমৰ্থন জনাইছে 'সূত উন্নয়ন পৰিষদ, অসম'য়ে। দেওবাৰে নগাঁৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা জনাই চলিত বৰ্ষৰ ১৩ মাৰ্চত নতুনকৈ গঠন কৰা 'সূত উন্নয়ন পৰিষদ, অসম'ৰ অধ্যক্ষ তৰুণ চন্দ্ৰ বৰাই।

এই সম্পৰ্কত সূত উন্নয়ন পৰিষদ, অসম'ৰ তৰফৰ পৰা সংবাদমেল যোগে সদৰি কৰা অনুসৰি অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ উন্নয়ন পৰিষদসমূহৰ সমিতিসমূহ নতুনকৈ গঠন কৰি অৰ্থনৈতিক, সামাজিকভাৱে পিছপৰি থকা অসমৰ গৰিষ্ঠ সংখ্যক জনগণৰ উন্নয়নৰ পথ ত্বৰানিত কৰিছে আৰু ২৫ লাখ অসমৰ সূত জাতিৰ ৰাইজৰ আশা-ভৰসাৰ সমল সূত উন্নয়ন পৰিষদখন নতুনকৈ গঠন কৰি সূতসকলৰ কল্যাণৰ পথ প্ৰশস্ত কৰিছে।

সদৌ অসম সূত জাতি সুৰক্ষা সমিতিৰ মুখ্য সম্পাদক তথা উন্নয়ন পৰিষদৰ সদস্য হেমকান্ত বৰুৱাইও সম্বোধন কৰা এই সংবাদ মেলৰ পৰাই ইতিমধ্যে গঠন কৰা ৩৩ খন উন্নয়ন পৰিষদৰ উপৰি অন্যান্য জাতি-জনগোষ্ঠীৰ উন্নয়ন পৰিষদসমূহো গঠন কৰা উচিত বুলি মন্তব্য কৰে।

উল্লেখ্য যে ,সংবাদ মেলযোগে বিৰোধী দলসমূহে আশংকা কৰাৰ ধৰণেৰে বিজেপিয়ে দেশৰ সংবিধান পৰিৱৰ্তন নঘটাই বৰঞ্চ সুৰক্ষিতহে কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰাৰ উপৰি আমাৰ ভাষা, সংস্কৃতি, ধৰ্ম সুৰক্ষিত হোৱাৰ স্বাৰ্থত আৰু অৰ্থনৈতিক ভাৱে পিছপৰা সকলৰ উন্নয়নৰ ধাৰা অক্ষুণ্ণ ৰখাৰ বাবে বিজেপি মিত্ৰজোঁট দলসমূহক ৰাইজে এইবাৰ নিৰ্বাচনত সমৰ্থন কৰা উচিত বুলি মন্তব্য কৰে।

সংবাদমেলত 'সূত উন্নয়ন পৰিষদ, অসম'ৰ অন্যতম সদস্য ক্ৰমে মৃণাল কুমাৰ বৰা, মাধৱীলতা বৰা, শান্তনু দাস, কুশল বৰা, ভূৱন হাজৰিকা, পুতুল বৰা, সদৌ অসম সূত সন্মিলনৰ নগাঁও জিলা সমিতিৰ সভাপতি নৃপেন বৰা আদি উপস্থিত আছিল।

বিজেপি মিত্ৰজোঁটলৈ মুকলি সমৰ্থন 'সূত উন্নয়ন পৰিষদ, অসম'ৰ
লালকৃষ্ণ আদবানীলৈ ভাৰত ৰত্নঃ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে এই সন্মান, উপস্থিত প্ৰধানমন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in