/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b6282897-f62d-44d9-9139-c5358c7e98e4/5b1a4019_be9e_4be9_b62b_88f93f12e03f.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও মেডিকেল কলেজৰ সহকাৰী অধ্যাপকক নিলম্বিত ৷ নিলম্বিত চিকিৎসকজনৰ নাম হৈছে ৰাস্কিন ফুকন ৷ ৰাজ্য চৰকাৰৰ মেডিকেল এডুকেশ্যন আৰু ৰিচাৰ্চ বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙে নিলম্বিত কৰিছে অধ্যাপক তথা চিকিৎসকজনক ৷ ডা° ৰাস্কিন ফুকন কৰ্তব্যত উপস্থিত নথকাৰ বাবে তৎকালে বলবৎ হোৱাকৈ ৰাজ্য চৰকাৰে চাকৰিৰ পৰা নিলম্বিত কৰিছে ৷
উল্লেখ্য এই যে নগাঁও মেডিকেল কলেজত বুধবাৰে আই এম চিৰ পৰ্যবেক্ষকৰ দল উপস্থিত হৈছিল ৷ আই এম চিৰ পৰিদৰ্শনৰ সময়ত অৰ্থপেডিক বিভাগৰ সহকাৰী অধ্যাপক ডা° ফুকন অনুপস্থিত থকাটো ধৰা পৰিছিল ৷ আনকি ডা° ফুকনে নগাঁও মেডিকেল কলেজ কৰ্তৃপক্ষৰ পৰা ছুটিৰ কোনো অনুমতি লোৱা নাছিল ৷
Also Read: উত্তৰাখণ্ডৰ ৪ ধাম যাত্ৰালৈ যোৱাৰ কথা ভাৱিছে নেকি? এই বিশেষ কাম অনিবাৰ্য...