বিশিষ্ট শিল্পী সূর্য দাসক ফুলগুৰি ধেৱাৰ বীৰ 'বাহু কৈৱর্ত্ত' প্ৰদান...

বিশিষ্ট শিল্পী সূর্য দাসক ফুলগুৰি ধেৱাৰ বীৰ 'বাহু কৈৱর্ত্ত' প্ৰদান...

author-image
Asomiya Pratidin
New Update
বিশিষ্ট শিল্পী সূর্য দাসক ফুলগুৰি ধেৱাৰ বীৰ 'বাহু কৈৱর্ত্ত' প্ৰদান...

ডিজিটেল সংবাদ,কামপুৰঃ বিশিষ্ট শিল্পী সূৰ্য দাসক ঐতিহাসিক কৃষক বিদ্রোহ "ফুলগুৰি ধেৱা"ৰ অন্যতম বীৰ 'বাহু কৈৱৰ্ত্ত' বঁটা প্রদান কৰা হয়। দেওবাৰে কামপুৰ স্বৰাজ ভৱনত অনুসূচিত জাতি মানচিত্ৰৰ উদ্যোগত আৰু জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত আনুষ্ঠানিকভাৱে শিল্পী সূর্য দাসক এই বঁটা প্রদান কৰা হয়।

'মানুহ দেখিছো আজি বহুত মানুহ' কে আদি কৰি বহুকেইটা স্বদেশ প্রেম গীত পৰিৱেশন কৰি ৰাইজৰ মাজত জাতীয় চেতনা যোগাই তোলা শিল্পী সূর্য দাসে জন্মভূমি কামপুৰত এনে এজন দেশ প্রেমীকৰ নামৰ বঁটা গ্রহণ কৰি সঁচাকৈয়ে গৌৰৱান্বিত হোৱা বুলি মন্তব্য কৰে।

৮৫ বছৰ গৰকা বর্ষীয়ান শিল্পী গৰাকীয়ে এনে ধৰণৰ বঁটা বাহনে শিল্পী সকলক তেওঁলোকৰ কৰ্মক্ষেত্ৰখন আগুৱাই নিয়াৰ ক্ষেত্রত যথেষ্ট খিনি অৰিহনা যোগাই আহে বুলি প্রকাশ কৰে। শিল্পী গৰাকীয়ে কেবাটাও জনপ্রিয় গীত পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰি তোলে।

ইপিনে দুপৰীয়া শিল্পী গৰাকীক গৰুৰ গাড়ীত উঠাই কামপুৰ চহৰৰ মাজেৰে এক বর্ণিল শোভাযাত্ৰা বাহিৰ কৰা হয়। এই উপলক্ষে অনুসূচিত জাতি মানচিত্র কেন্দ্রীয় সমিতিৰ সভাপতি মনোজ সেনাপতিৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয়।

আজিৰ বঁটা বিতৰণী সভাত সংগঠনটোৰ কার্যকৰী সভাপতি দিলীপ কুমাৰ দাস, সম্পাদক অপূর্ব দাস, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, জ্যেষ্ঠ নাগৰিক সভাৰাম মজুমদাৰ, সুধাময় দাস, মাধৱ লস্কৰ, মোলান লস্কৰ, ৰাজু বৰা, ৰাহুল দেব বৰদলৈ, ডাঃ স্বৰাজ মোহন বৰা, সীতাৰাম দাস, প্রমোদ লস্কৰ, গুন কাকতী, খগাই দাসকে আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উপস্থিত অভ্যাগত সকলে শিল্পী সূর্য দাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। সভাৰ আৰম্ভণিতে তনুজপ্ৰিয়া হাজৰিকা আৰু উর্বশী হাজৰিকাই এটি বৰগীত পৰিবেশন কৰে। এই অনুষ্ঠানতে তিতাৰাম দাসক 'অসম গ্রীন ভেলী এৱার্ড -২০২৪ সংগঠনটোৰ তৰফৰ পৰা জনোৱা হয়।ইফালে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Also Read: চিলাপথাৰত ৪১ সংখ্যক মিচিং কাংকিন কেবাং অনুষ্ঠিত...

Bahu koiwartta Surya das