/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a8587ca3-85f7-4d4a-b966-f2dcfe481d38/5.jpg)
ডিজিটেল সংবাদ,উৰিয়াগাঁও: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত ১ জুলাইৰ পৰা আৰম্ভ হোৱা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ আজি সামৰণি পৰে। অসমৰ পুৰণি স্ত্ৰী শিক্ষাৰ অনুষ্ঠান ছহিদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২০ দিনীয়াকৈ অনুষ্ঠিত হোৱা শিবিৰৰ আজি দুপৰীয়া সামৰণি অনুষ্ঠান আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5ad29278-4949-45ff-b8fe-e1db3bc7700e/3f4d3cfe-6c36-4a88-84e1-94e3aa03ac72.jpg)
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক মৃণাল কুমাৰ বৰ্মনে ভাষণত কয়-এটা জাতি আগুৱাই নিবলৈ হ'লে অথবা অসমীয়া জাতিক যদি আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব বিচাৰো,তেতিয়া অন্যান্য ক্ষেত্ৰৰ লগতে বৌদ্ধিক ক্ষেত্রখনতো আমি আগুৱাই যাব লাগিব।এই বৌদ্ধিক ক্ষেত্ৰখনত প্ৰতিনিধিত্ব কৰে শৈক্ষিক ক্ষেত্ৰখনে।শৈক্ষিক ক্ষেত্ৰখনৰ শিক্ষাগুৰুসকলৰ নেতৃত্বত আমি ছাত্র-ছাত্ৰী সকলক আগুৱাই লৈ যাব লাগিব।লগতে বৌদ্ধিক ক্ষেত্ৰখন শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ হ'লে ছাত্র সমাজৰো যথেষ্ট কৰণীয় আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/de230a43-0da6-43f4-8afe-4fe9d9e7799a/4a72d588-c0d4-4026-9071-5dcd64d76e86.jpg)
পৰিষদৰ উৰিয়া গাঁও আঞ্চলিক সমিতিৰ সভাপতি নমিতা বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়া,শিক্ষক ধীৰেন বৰা,বিপ্লব জ্যোতি ভূঞাই শিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ ৰাখে।পৰিষদৰ উৰিয়া গাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক শুভজিৎ গগৈয়ে আঁত ধৰা সভাখনত পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক হেমান্ত কলিতা,সাংবাদিক নিপুল বৰা,বৰভাগ আঞ্চলিক সমিতিৰ উপদেষ্টা ময়ূৰ ৰহমান,কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ শিক্ষক ষ্টেনলি বৰুৱা,সমাজকৰ্মী জিতুমণি বৰা আদি উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b73c162e-1b2e-471a-9180-bbb4e3deb866/ef9017f3-ee49-41b2-b591-4958c6ce80a9.jpg)
সভাত পাঠদান শিবিৰত অংশগ্ৰহণ কৰা নৱম আৰু দশমৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। তদুপৰি পাঠদানৰ শেষত হোৱা ইংৰাজী ব্যাকৰণ, বিজ্ঞান আৰু গণিত বিষয়ৰ পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক একোখন মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হয়।উল্লেখযোগ্য যে,বিনামূলীয়া পাঠদান শিবিৰত প্ৰতিদিনে একোজনকৈ আমন্ত্ৰিত সমল ব্যক্তি উপস্থিত থাকি তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/bca88544-3d94-4027-a620-5adffffb9850/d70f9cf2-03dd-4175-aaa2-7b8558e46596.jpg)