নিষ্ঠা-একাগ্ৰতাৰ নিদৰ্শন : মৎস্য পালনেৰে স্বাৱলম্বী নগাঁৱৰ চুমি বৰদলৈ

দেশৰ শ্ৰেষ্ঠ মীন উদ্যোগী" বঁটা লাভ কৰাৰ লগতে তেওঁ ২০১৫ বৰ্ষত "ভাৰতৰ শ্ৰেষ্ঠ মহিলা কৃষক ",২০১৯ বৰ্ষত ক্ৰমে "ৱেষ্ট এম্পাৱাৰিং লেডী অৱ ইণ্ডিয়া" আৰু "খাদ্য প্ৰক্ৰিয়াকৰণত শ্ৰেষ্ঠ উদ্যোগী বঁটা" লাভ
নিষ্ঠা-একাগ্ৰতাৰ নিদৰ্শন : মৎস্য পালনেৰে স্বাৱলম্বী নগাঁৱৰ চুমি বৰদলৈ

ডিজিটেল সংবাদ ,বঢ়মপুৰ : মৎস্য পালনেৰে স্বাৱলম্বী হৈ সামাজিক প্ৰতিষ্ঠাৰ লগতে বহুতৰে জীৱন আৰু জীৱিকাৰ পথ প্ৰশস্ত কৰিছে নগাঁও জিলাৰ বঢ়মপুৰ হাতীয়নীভেটাৰ চুমি বৰদলৈয়ে । নিজৰ নিষ্ঠা,একাগ্ৰতা আৰু বিজ্ঞানসন্মত দৃষ্টিভংগীৰ সমাহাৰেৰে ২০০১ বৰ্ষত কপাহেৰা বালিকা উঃ মা: বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে কৰ্মৰত স্বামী কনক চন্দ্ৰ বৰদলৈ আৰু বামুণবড়ী হাইস্কুলৰ শিক্ষয়িত্ৰী চুমিয়ে স্বেচ্ছামূলকভাৱে চাকৰিৰ পৰা অব্যাহতি লৈ আৰম্ভ কৰে বিজ্ঞানসন্মত মীনপালন ।

আৰম্ভণিতে চুমিয়ে আশাতীত লাভৰ মুখ দেখা পোৱাৰ পাছত সম্প্ৰতি তেওঁ মৰিগাঁও জিলাৰ কপাহেৰাৰ প্ৰায় ১০০ বিঘা মাটিত সমন্বিত ধান আৰু মীন পালন,নগাঁও জিলাৰ বঢ়মপুৰত প্ৰায় ৩২ বিঘা মাটিত সমন্বিত পশুধন আৰু মীনপালন,বামুণীত প্ৰায় ১২০ বিঘা মাটিত ধান খেতি আৰু প্ৰায় ১৫০ বিঘা মাটিত আবেষ্টনী পদ্ধতিত মৎস্য পালন কৰি নীল বিপ্লৱেৰে ৰাজ্যলৈ এক প্ৰগতিৰ জোৱাৰ আনিবলৈ সক্ষম হৈছে ।

মন কৰিবলগীয়া যে,চুমিয়ে ৰাজ্যৰ বজাৰৰ চাহিদা পূৰণ কৰাৰ লগতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মীনপালনেৰে জিলিকি উঠি সাফল্যৰ এক নতুন মাপকাঠি ৰচনা কৰিছে । যাৰ ফলস্বৰূপে শেহতীয়াকৈ তেওঁ ২০২২ বৰ্ষত ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা হিচাপে "দেশৰ শ্ৰেষ্ঠ মীন উদ্যোগী" বঁটা লাভ কৰাৰ লগতে তেওঁ ২০১৫ বৰ্ষত "ভাৰতৰ শ্ৰেষ্ঠ মহিলা কৃষক ",২০১৯ বৰ্ষত ক্ৰমে "ৱেষ্ট এম্পাৱাৰিং লেডী অৱ ইণ্ডিয়া" আৰু "খাদ্য প্ৰক্ৰিয়াকৰণত শ্ৰেষ্ঠ উদ্যোগী বঁটা" লাভ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে , চুমিয়ে মাছ পোহাৰ লগতে মাছৰ পোনা উৎপাদন আৰু বিজ্ঞানসন্মতভাৱে পোহাৰ ব্যৱস্থা কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সৈতে বাণিজ্যিকীকৰণ কৰি মীনপালকসকলক উপকৃত কৰিছে । প্ৰণিধানযোগ্য, বামুণীস্থিত মীনপামখন চোৱা-চিতা কৰিছে সমন্বিত কৃষিপাম উন্নয়ন সমিতি নামৰ এটা বেচৰকাৰী সংস্থাই যাৰ প্ৰতিষ্ঠাপক সম্পাদিকা চুমি বৰদলৈ ।

সম্প্ৰতি এই সংস্থাটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজ্ঞানসন্মতভাৱে সংমিশ্ৰিত মীনপালন , আলংকাৰিক মীনপালন , আচাৰ প্ৰস্তুতকৰণৰ যোগেদি মীনপালনৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । মুঠ ৩ খন মীন পামত প্ৰায় ৩০ জন যুৱকক নিয়োজিত কৰাই চুমিয়ে পৰিয়ালকেইটালৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ।

চুমিয়ে পামকেইখনত বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ যেনে - ৰৌ,বাহু,মিৰিকা,মোৱা,পুঠি, শ'ল,শিঙি,মাগুৰ,কাৱৈ,মিছামাছ আদি পালনৰ সমান্তৰালভাৱে মাছৰ আচাৰ প্ৰস্তুতকৰণ,বিভিন্ন প্ৰজাতিৰ থলুৱা মাছৰ প্ৰজনন ঘটাই থলুৱা মাছ সংৰক্ষণ কৰাৰ এক পদক্ষেপ হাতত লৈছে। একেদৰে চুমিয়ে ছাগলী,মৌ,গাহৰি আদি পালনেৰে স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰিছে।

চুমি বৰদলৈ নিশ্চিতভাৱে শত-সহস্ৰ উচ্চ শিক্ষিত যুৱক-যুৱতী বিশেষকৈ মহিলাসকলৰ বাবে এক অনুকৰণীয় চানেকি ।

নিষ্ঠা-একাগ্ৰতাৰ নিদৰ্শন : মৎস্য পালনেৰে স্বাৱলম্বী নগাঁৱৰ চুমি বৰদলৈ
আৰক্ষী বিষয়‍া ৰেনুকুন্তলা শীতল কুমাৰক বৰ্খাস্তৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in