/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/958fd180-77cf-4d6d-8f99-49ab48ad4546/9.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া: মহকুমা কল্যাণ বিভাগ আৰু অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ উদ্যোগত শুকুৰবাৰে নগাঁও চহৰৰ আম্বেদকাৰ ভৱনত আয়োজন কৰা এক অনুষ্ঠানত অনুসুচিত জাতিৰ দৰিদ্ৰ লোকসকলৰ মাজত ঘৰুৱা প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও -বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। তেঁও মহকুমা কল্যাণ বিভাগ আৰু অনুসুচিত জাতি উন্নয়ন বৰ্ডৰ এই পদক্ষেপৰ শলাগ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/cbc34902-d481-4dc7-84aa-6cab620c503a/59954d72-38fd-4439-8dcc-cf8b5565174b.jpg)
ভাষণ প্ৰসঙ্গত বিধায়কগৰাকীয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সাৰ্বিক বিকাশৰ বাবে কাম কৰি আছে বুলি মন্তব্য কৰে। সভাত ৰহা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি ক্ষীৰোদ লস্কৰ,নগাঁও জিলা অনুসুচিত জাতি উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ নৰেন চন্দ্ৰ দাস ,অতিৰিক্ত আয়ুক্ত অনুৰণ মেধি ,উন্নয়ন বৰ্ডৰ সদস্য অনুপম দাস, মহকুমা কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীকে ধৰি বহু গণ্য মান্য লোক উপস্থিত থাকে।