/asomiyapratidin/media/media_files/2025/03/13/uqen2fRTsgtB2rWsXbe5.jpg)
ডিজিটেল সংবাদ কামপুৰঃ বৃহস্পতিবাৰে পুৱাৰ ভাগত নগাওঁ জিলাৰ কচুৱাৰ ১ নং হাতী ফান্দিত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। বিদ্যালয়লৈ যোৱাৰ অৱস্থাত বনৰীয়া হাতীৰজাকৰ সন্মুখীন হয় কেইবাটাও শিশু। সৌভাগ্যক্ৰমে এই শিশু কেইটা হাতীৰ ভয়ংকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে যদিও তাৰে মাজৰ এটি শিশুৱে প্ৰাণ ৰক্ষা কৰিবলৈ পলায়ন কৰাৰ সময়তে গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।
ঘটনাৰ বিবৰণ অনুসৰি বৃহস্পতিবাৰে বিদ্যালয়ত পৰীক্ষা দিবলৈ ঘৰৰ পৰা ওলাই গৈছিল সপ্তম শ্ৰেণীৰ ছাত্ৰ কৃষ্ণ বৰ্মন। আন কেইবাটাও শিশুৰ সৈতে একেলগে হাবিতলীয়া পথেৰে বিদ্যালয়লৈ যোৱাৰ সময়তে সন্মুখীন হয় এটা হাতীৰ জাকৰ সৈতে।
বনাঞ্চলৰ পৰা ৫ টা পোৱালিসহ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এই হাতীৰ জাকটোৰ সন্মুখতে হঠাৎ গৈ ওলোৱাত এই শিশু কেইটাক খেদি আহে হাতীয়ে। ফলত প্ৰাণ ৰক্ষা কৰিবলৈ শিক্ষাৰ্থীসকলে পলায়ন কৰে। সেই সময়তে কৃষ্ণ বৰ্মন নামৰ ছাত্ৰজন মাটিত বাগৰি পৰে। মাটিত বাগৰি পৰা কৃষ্ণক এটা হাতীয়ে শুৰেৰে ঠেলি দিয়াত গুৰুতৰভাৱে আহত হয়।
যেনেতেনে সেই স্থানৰ পৰাই কৃষ্ণ বৰ্মন নামৰ ছাত্ৰজনে প্ৰাণ ৰক্ষা কৰি পলাই আহে যদিও পাছত খোজ কাঢ়িব নোৱাৰ হয়। সেয়ে পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে কৃষ্ণক ভৰ্তি কৰে কচুৱাৰ মডেল হাস্পতালত।
ইফালে হাতীৰ জাকটোৱে জনাঞ্চলত মুক্ত বিচৰণৰ খবৰ পোৱাৰ পাছতে বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু পুনৰ বনাঞ্চললৈ হাতীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম হয়। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে। সমান্তৰালকৈ বিদ্যালয়লৈ যোৱাৰ পথত শিক্ষাৰ্থীসকলৰ সুৰক্ষাক লৈয়ো অঞ্চলটোৰ ৰাইজ চিন্তিত হৈ পৰিছে।