মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ত লোকসেৱক হলধৰ ভূঞাৰ স্মৃতিত ৰাজ্যিক পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতা

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ত লোকসেৱক হলধৰ ভূঞাৰ স্মৃতিত ৰাজ্যিক পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ত লোকসেৱক হলধৰ ভূঞাৰ স্মৃতিত ৰাজ্যিক পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতা

ডিজিটেল সংবাদ, নগাঁও : শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অন্তৰ্গত নগাঁও জিলা সেৱাবাহিনীৰ উদ্যোগত লোকসেৱক হলধৰ ভূঞাৰ পৱিত্ৰ স্মৃতিত দেওবাৰে নগাঁৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাজ্যিক পৰ্যায়ৰ এক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই তৰ্ক প্ৰতিযোগিতাৰ বিষয়বস্তু হৈছে- 'আমদানিকৃত সামাজিক - সাংস্কৃতিক পৰিবেশে অসমীয়া সমাজৰ পৰাম্পৰাগত আধ্যাত্মিক জীৱনত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে '।

Advertisment

শীৰ্ষক বিষয়ত অনুষ্ঠিত প্ৰতিযোগিতাখনি উদ্বোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ শ্ৰীযুত ভৱেন্দ্ৰ নাথ ডেকাই। প্ৰতিযোগিতাৰ উদ্বোধনী সত্ৰত সন্মনীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰি সঙ্ঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই নগাঁও জিলা তথা জিলা সেৱাবাহিনীৰ এই উদ্যোগক ভূয়সী প্ৰশংসা কৰে।

উদ্বোধনী সত্ৰত লোকসেৱক হলধৰ ভূঞা : দৃষ্টি আৰু দৰ্শন- শীৰ্ষক বিষয়ত স্মাৰক বক্তৃতা প্ৰদান কৰে সঙ্ঘৰ সাহিত্য শাখাৰ সম্পাদক ড০ মানস প্ৰতিম বৰাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা তৰ্ক প্ৰতিযোগিতাত স্থান লাভ কৰা বিজয়ী সকল ক্ৰমে প্ৰথম স্থান দৰ্শনা পাটোৱাৰী (গুৱাহাটী), ২য় স্থান অঞ্জুমান ভৰদ্বাজ(গুৱাহাটী) আৰু তৃতীয় স্থান জুহিতা কলিতা(গুৱাহাটী)।

একেদৰে দলীয় শাখাত প্ৰথম স্থান লাভ কৰে ঝংকাৰ, গুৱাহাটী, দ্বিতীয় স্থান প্ৰাক্তন কটনিয়ান, গুৱাহাটী আৰু তৃতীয় স্থান মণিকাঞ্চন, নগাঁও। সেৱাবাহিনীৰ প্ৰাক্তন উপ সচিব কৃষ্ণ কিংকৰ খাটনিয়াৰে আতঁ ধৰা অনুষ্ঠানটিত প্ৰতিযোগিতাৰ অধ্যক্ষৰূপে অংশগ্ৰহণ কৰে ড০ মানস প্ৰতিম বৰাই।

ইয়াৰোপৰি কাৰ্যসূচীত অংশগ্ৰহণ কৰে সঙ্ঘৰ মুলৰ সদস্য ক্ৰমে তোষেশ্বৰ বৰা, নলিনী বৰা, নগাঁও জিলাৰ সভাপতি চেনাৰাম ডেকা, সম্পাদক বিপুল শইকীয়া, হৰিদাস ৰাজকুমাৰ শৰণ সদস্য উমাকান্ত হাজৰিকা, সহ সম্পাদক মৃণাল ভাগৱতী, সোনপা শইকীয়া, প্ৰিমলী বৰা,ৰুমী বৰা, জানমনি হাজৰিকা, মমতা বৰকাকতি, সেৱাবাহিনীৰ কেন্দ্ৰীয় সদস্য নৱজ্যোতি বৰুৱা, জিলাধিনায়ক জয়ন্ত দাস প্ৰমূখ্যে সেৱক- সেৱিকাসকলে।

Also Read: কামৰূপ (মঃ) জিলাৰ আয়ুক্তৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ

Srimanta Sankardeva University