নগাঁৱত চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষৰে বৈঠক সম্পন্ন

নগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভা-কক্ষত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈজনাথ বছফৰে বিভিন্ন প্ৰতিনিধিৰে বৈঠকত মিলিত হয়।

author-image
Tushar Pratim
New Update
নগাঁৱত চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষৰে বৈঠক সম্পন্ন

ডিজিটেল সংবাদ, নগাঁও: সোমবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভা-কক্ষত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈজনাথ বছফৰ জিলা প্ৰশাসনৰ বিভিন্ন বিভাগীয় মুৰব্বী তথা চাফাই কৰ্মচাৰী  আৰু চাফাই কৰ্মচাৰী সকলক প্ৰতিনিধিত্ব কৰা কেবাটাও সন্থাৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।  

Advertisment

সভাৰ আৰম্ভণিতে অধ্যক্ষগৰাকীক জিলা প্ৰশাসনৰ হৈ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে এখন গামোচা আৰু শৰাইৰে আদৰণি জনায়। আদৰণি ভাষণত আয়ুক্তগৰাকীয়ে নগাঁও চহৰখনৰ লগতে জিলাখনৰ পৰিস্কাৰৰ ক্ষেত্ৰত চাফাই কৰ্মচাৰীসকলৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰথমতেই সভাক উদেশ্য কৰি অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে যে,  চাফাই কৰ্মীসকলক সামাজিক আৰু আৰ্থিকভাৱে সৱল কৰি সমাজৰ মূল খুঁটিৰ লগত এক কৰাই ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ মূল উদ্দেশ্য। ভাৰত চৰকাৰৰ ধ্বজাবাহী পদক্ষেপ স্বচ্ছ ভাৰত অভিযানৰ সৈতে চাফাই কৰ্মচাৰীসকল প্ৰত্যক্ষভাৱে জড়িত। 

তেওঁ চাফাই কৰ্মচাৰী সকলৰ ক্ষেত্ৰত ল’বলগীয়া যাবতীয় ব্যৱস্থা যেনে- বতৰ অনুযায়ী আনুষ্ঠানিক পোছাক, চাফাই কৰ্মচাৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা,  চাফাই কৰ্মচাৰীসকলৰ পৰিচয় পত্ৰ প্ৰদান,  নূন্যতম মজুৰী প্ৰদান, গ্ৰুপ ইঞ্চুৰেঞ্চ, মহিলা চাফাই কৰ্মচাৰীৰ সুৰক্ষা প্ৰদান আৰু চাফাই কৰ্মচাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান আদি বিভিন্ন বিষয়ৰ সন্দৰ্ভত উপস্থিত বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা বুজ লয়। 


সভাত অধ্যক্ষগৰাকীয়ে চাফাই কৰ্মচাৰীসকলৰ বিভিন্ন অভাৱ-অভিযোগসমূহৰ বুজ লোৱাৰ লগতে জিলাখনৰ বিভিন্ন বিভাগত নিয়োজিত চাফাই কৰ্মচাৰীৰ বিষয়ে বিভাগীয় মুৰব্বীসকলৰ পৰা বুজ লয়। আজিৰ এই সভাত জিলা উন্নয়ন আয়ুক্ত  দেবজানি চৌধুৰী, ৰহা সম জিলাৰ সম আয়ুক্ত ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, অতিৰিক্ত আয়ুক্ত দেবাহুতি বৰা,  অতিৰিক্ত আৰক্ষী অধীক্ষক,  সহকাৰী আয়ুক্তদ্বয়,  ধিং, ৰহা, কামপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকল, বিভিন্ন সংশ্লিষ্ট বিভাগৰ মুৰব্বী, চাফাই কৰ্মচাৰী সন্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

জিলা উপায়ুক্ত নগাওঁ নগাওঁ