মহাপুৰুষ দুজনাৰ ৰচনাৱলী ইংৰাজীলৈ অনুবাদ কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই

মহাপুৰুষ দুজনাৰ সমগ্ৰ ৰচনাৱলী ইংৰাজীলৈ অনুবাদ কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই। সংঘৰ ৯৩ সংখ্যক অধিবেশন উৎযাপনৰ প্ৰস্তুতি।

author-image
Asomiya Pratidin
New Update
মহাপুৰুষ দুজনাৰ ৰচনাৱলী ইংৰাজীলৈ অনুবাদ কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই

ডিজিটেল সংবাদ, নগাঁও: শতবৰ্ষৰ দুৱাৰডলিত উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠন শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ । ১৯৩০ চনত নগাঁও জিলাৰ পলাশনিত জন্মলাভ কৰা ধৰ্মীয় অনুষ্ঠানটোৱে আগন্তুক ২০২৯-৩০ বৰ্ষত উদযাপন কৰিব শতবৰ্ষ সমাৰোহ ।

Advertisment

ইয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই । ইয়াৰ সৈতে সংগতি ৰাখি গুৰু দুজনাৰ সমগ্ৰ ৰচনাৱলী ইংৰাজীলৈ অনুবাদ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে সংঘই । এই সন্দৰ্ভত আলোচনা কৰিবৰ বাবেই শুকুৰবাৰে নগাঁও আৱৰ্ত্ত ভৱনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘৰ একাংশ প্ৰতিনিধিয়ে ।

ইপিনে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনা সফল হৈছে বুলি সদৰী কৰি সংঘৰ নগাঁওস্থিত প্ৰধান কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই । সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা আৰু প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া উপস্থিত থকা এই সংবাদমেলত মুখ্যমন্ত্ৰীৰ সৈতে হোৱা ফলপ্ৰসু আলোচনাৰ কথা অৱগত কৰে ।

আনহাতে আগন্তুক ২০২৪ বৰ্ষৰ ৯,১০ আৰু ১১ ফেব্ৰুৱাৰীত ৰঙিয়াত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিবেশনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অথবা ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক নিমন্ত্ৰণ জনোৱা হ'ব বুলিও সংবাদমেলযোগে জানিবলৈ দিয়ে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই ।

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ