শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণাচাৰ্য কমল বৰাৰ বিয়োগ...

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ একনিষ্ঠ সাধক তথা সামাজিক তথা ধৰ্মীয় কাম-কাজৰ সৈতে জড়িত শৰণাচাৰ্য কমল বৰাৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি পৰলোকপ্ৰাপ্তি ঘটে।

author-image
Tushar Pratim
New Update
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণাচাৰ্য কমল বৰাৰ বিয়োগ...

ডিজিটেল সংবাদ, কামপুৰঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ একনিষ্ঠ সাধক শৰণাচাৰ্য কমল বৰা (৮৫) ৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি পৰলোকপ্ৰাপ্তি ঘটে। বৃহত্তৰ কামপুৰ অঞ্চলৰ বিভিন্ন সামাজিক তথা ধৰ্মীয় কাম-কাজৰ সৈতে জড়িত কমল বৰাই নগাঁৱৰ দক্ষিণ অঞ্চলত সংঘৰ সাংগঠনিক দিশত ওতঃপ্ৰোত ভাৱে জড়িত আছিল ।

Advertisment

কামপুৰ চাংচকী অঞ্চলৰ সৰবৰহী ব্যক্তি হিচাপে পৰিচিত কমল বৰাৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে যথেষ্ট সংখ্যক গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্থিত হৈ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে । তদুপৰি সংঘৰ কামপুৰস্থিত কাৰ্যালয়লৈ তেওঁৰ নশ্বৰদেহ লৈ যোৱা হয় আৰু বৈষ্ণৱ বান্ধৱসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

সমাজকৰ্মী গৰাকীৰ মৃত্যুত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ সভাপতি মুনীন্দ্ৰ নাথ বৰা, সম্পাদক দীগেন বৰা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা, কামপুৰ উন্নতি সাধিনী সভা, নগাঁও জিলা আপকু ৰামধেনু গোষ্ঠী,  আৰোহণ, আচপাচকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে । মৃত্যুৰ সময়ত শংকৰদেৱ সংঘৰ আজীৱন কৰ্মী গৰাকীয়ে দুগৰাকী পুত্ৰসহ যথেষ্ট আত্মীয়-স্বজন ইহ্ সংসাৰত এৰি থৈ গৈছে ।

কামপুৰ শ্ৰীমন্ত শংকৰদেৱ শংঘ