/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-16/wty9v8ot/BATRADAVA-116.jpg)
বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ ছাত্ৰীৰ চুৰিদাৰ পৰিধানৰ জাননী স্থগিত...
ডিজিটেল সংবাদ বটদ্ৰৱা: বটদ্ৰৱা শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়ৰ ছাত্ৰীৰ সাজপাৰ সন্দৰ্ভত কলেজ কৰ্তৃপক্ষই শিথিলতা প্ৰদান কৰি চাদৰ মেখেলাৰ উপৰিও প্ৰয়োজন সাপেক্ষে চুৰিদাৰ কামিজ ব্যৱহাৰ কৰিব পাৰিব বুলি যোৱা ৯ ছেপ্টেম্বৰত এখন জাননী জাৰি কৰিছিল। উক্ত ৯ তাৰিখৰ সাজপাৰ বিষয়ৰ জাননীখন বিগত ৬ ছেপ্টেম্বৰত মহাবিদ্যালত অনুষ্ঠিত হোৱা পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত মৰ্মে গ্ৰহণ কৰা হৈছিল।
এইদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত ছাত্ৰীসকলক সমসাজ হিচাপে চুৰিদাৰ কামিজ ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰি জাননী জাৰি কৰাৰ পাছত আজি বটদ্ৰৱা আলিপুখুৰী শাখা সাহিত্য সভা, বটদ্ৰৱা সচেতন মহিলা সমাজৰ বিষয়ববীয়াসকলে মহাবিদ্যালয়ৰ অধ্যক্ষক সাক্ষাৎ কৰে।
আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱা, সম্পাদক লক্ষ্যধৰ তালুকদাৰ, উপদেষ্টা দিলীপ গোস্বামী, সবিতা বৰা, মীনা কলিতা, দুলু কলিতাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে অধ্যক্ষ দেৱজিৎ মহন্তক সাক্ষাৎ কৰি মহাবিদ্যালয়ৰ ছাত্ৰীৰ সাজপাৰ পূৰ্বৰ দৰে চাদৰ মেখেলা বাহাল ৰখিবলৈ আহ্বান জনাই।
অধ্যক্ষয়ো গুৰুজনাৰ নামত প্ৰতিষ্ঠা লাভ কৰা বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত জাতীয় সংস্কৃতি আৰু গৰিমা অটুত ৰাখিবলৈ যত্নপৰ হম বুলি জানিবলৈ দিয়াৰ লগতে যোৱা ৯ ছেপ্তেম্বৰ সাজপাৰ বিষয়ৰ জাননীখন ইতিমধ্যে স্থগিত ৰখা হৈছে বুলি প্ৰকাশ কৰে। অনাগত দিনত ছাত্ৰীৰ সাজপাৰ সন্দৰ্ভত আলিপুখুৰী শাখা সাহিত্য সভাকে আদি কৰি দল সংগঠনসমূহৰ আবেদনৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে।
Also Read: Morigaon College: অধ্যক্ষক কোঠাত আৱদ্ধ কৰি তলা লগালে ছাত্ৰ একতা সভাই...