"শতবৰ্ষ উৎসৱ" উপলক্ষে শ্ৰী শ্ৰী দিঘলী সত্ৰত উখল-মাখল পৰিৱেশ

"শতবৰ্ষ উৎসৱ" উপলক্ষে শ্ৰী শ্ৰী দিঘলী সত্ৰত উখল-মাখল পৰিৱেশ

author-image
Asomiya Pratidin
New Update
"শতবৰ্ষ উৎসৱ" উপলক্ষে শ্ৰী শ্ৰী দিঘলী সত্ৰত উখল-মাখল পৰিৱেশ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ নতুন ভোগবাৰীৰ শ্ৰী শ্ৰী দিঘলী সত্ৰত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। ঐতিহ্যমণ্ডিত নতুন ভোগবাৰীৰ শ্ৰী শ্ৰী দিঘলী সত্ৰই ইতিমধ্যে শতবৰ্ষ পাৰ কৰিছে।

Advertisment

তদুপলক্ষে তিনিদিনীয়া কাৰ্য্যসূচীৰে সত্ৰখনিত অনুষ্ঠিত হৈছে "শতবৰ্ষ উৎসৱ"। শনিবাৰে পুৱা প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলনৰ পাছত শতবৰ্ষ উৎসৱৰ ধ্বজা উত্তোলন কৰে সত্ৰাধিকাৰ লীলা কান্ত দেৱ মহন্তই। পাছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, গছপুলি ৰোপণ আৰু আইসকলৰ নাম কীৰ্তন, খোল প্ৰসঙ্গ, নাম প্ৰসঙ্গ অনুষ্ঠিত হয়।

সন্ধিয়া সত্ৰীয়া সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। কাইলৈ পুৱা চাফাই অভিযানৰ পিছত ৮ বজাত সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব। পাছত বিয়লি স্মৰনিকা উন্মোচন আৰু ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাই জনায়।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া আৰু মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰিব নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সদানন্দ পায়েং। ১০ জুনৰ পুৱা আইসকলৰ নাম, জীয়ৰী সন্মিলন, খোল প্ৰসঙ্গ, নাম প্ৰসঙ্গৰ পাছত নিশা কণকণ শিশু সকলৰ অভিনয়েৰে ভাওনা অনুষ্ঠিত হ'ব।

Also Read: ডিব্ৰুগড়ৰ জকাই বি এন প্ৰসাদ শংকৰদেৱ বিদ্যা নিকেতনত দুষ্কৃতিকাৰীৰ অতপালি

batadraba