৫০ ফুট উচ্চতাৰ 'চন্দ্ৰযান-৩'ৰ আৰ্হিত দূৰ্গাপূজাৰ মুখ্য প্ৰৱেশদ্বাৰ নিৰ্মাণ

৫০ ফুট উচ্চতাৰ 'চন্দ্ৰযান-৩'ৰ আৰ্হিত দূৰ্গাপূজাৰ মুখ্য প্ৰৱেশদ্বাৰ নিৰ্মাণ

author-image
Asomiya Pratidin
New Update
৫০ ফুট উচ্চতাৰ 'চন্দ্ৰযান-৩'ৰ আৰ্হিত দূৰ্গাপূজাৰ মুখ্য প্ৰৱেশদ্বাৰ নিৰ্মাণ

ডিজিটেল সংবাদ, নগাঁওঃ বিগত বৰ্ষৰ দৰে এইবাৰো ১৪ টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা তথা সকলোৰে পৰিচিত শুদ্ধ অসমীয়া কেঁচাসোণৰ গহণাৰ এক অন্যতম প্ৰতিষ্ঠান ডুগডুগীয়ে অষ্টম বাৰ্ষিক দুৰ্গা পূজা ভাগ ২০ অক্টোবৰ পৰা ২৪ অক্টোবৰলৈকে ৫দিনীয়াকৈ আয়োজন কৰিছে। পূজাৰ মণ্ডপভাগ পূৰ্বৰ দৰে এইবাৰো নিৰ্মাণ কৰিব ডুগডুগী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী উৎপল বণিয়াৰ নগাঁও জিলা ৰনথলীৰ ২ নং নামঘৰ সমীপত অৱস্থিত নিজ বাসগৃহত।

Advertisment

এই পূজাৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী হাতত লোৱা হৈছে। এই কাৰ্যসূচীৰ ভিতৰত থাকিব ২১ অক্টোবৰৰ সন্ধা ৭ বজাত বিশিষ্ট নাট্যকাৰ নীলমণি বৰাৰ পৰিচালনাৰে "মহাভাৰতৰ মা" নাট, ২২ অক্টোবৰৰ নিশা ৯ বজাত বঢ়মপুৰ আঞ্চলিক হৰি-ভকতৰ নামতি দলৰ দ্বাৰা দিহানাম পৰিৱেশন আৰু ২৩ অক্টোবৰৰ সন্ধা ৭ বজাত জনপ্ৰিয় চন্দাৱলী শিল্পী সমাজৰ (নগাঁও) দ্বাৰা কেলিগোপাল নাটৰ আধাৰত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন।

উল্লেখ্য যে, এইবাৰ পূজাৰ মূল মণ্ডপ ৫০ ফুট উচ্চতাৰ চন্দ্ৰযান-৩ আৰ্হিৰে নিৰ্মিত হৈছে। মহিশাসুৰ মৰ্দনী, জগতজননী মা দুৰ্গাৰ দৰবাৰ লগতে চন্দযান-৩ৰ নিৰ্মাণ কৰিব স্থানীয় যুৱক তথা শিল্পী অঞ্জন বৰাই। লগতে মণ্ডপৰ ভিতৰভাগত সৌৰজগতৰ আৰ্হি, চন্দ্ৰপৃষ্ঠত বিক্ৰম-প্ৰজ্ঞানৰ অৱতৰণ, মণ্ডপৰ ওচৰত ৰাস্তাৰ দুয়োকাষে খেৰেৰে নিৰ্মিত বৃহৎ আকাৰৰ হাতী আৰু সমূহ প্ৰতিমাক অসমীয়া গহণাৰে সজ্জিত কৰা হ'ব বুলি প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰ উৎপল বণিয়াই জানিবলৈ দিয়ে। লগতে পূজাৰ কেইদিনত সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু আৰ্শীবাদ কামনা কৰে স্বত্বাধিকাৰীগৰাকীয়ে।

Also Read: বৰপেটাত ভূমি বিবাদৰ বাবে প্ৰচণ্ড মাৰপিট

DURGAPUJA chandrayaan 3